মেঘ হৈ উৰে মন আকাশত,
সুবিশাল এক পাহাৰৰ ঠিকনাত
যাৰ পাদদেশত মোৰ স্বপ্ন আলয় ।
সু পৰিচিত পাহাৰখনৰ
প্ৰতিদিন যত্ন লোৱা হয়,
যত্ন লোৱা হয় মোৰ
পাহাৰীয়া স্বপ্ন গৃহৰ ,
পাহাৰেদি হাত মেলো
উৰি আহে এজাক সখিয়তী ৰ'দ ,
শীত গুচাই উষ্ণতা বিয়পাও ,
আকৌ ,মেঘ চুই অশ্ৰু নমাও
শুকান সাগৰ জীপাল কৰোঁ ।
অপূৰ্ণবোৰে শূন্যতা কমায়
চকু কোণত অশ্ৰু গোটাই
কিছু সপোন থাকি যায়
সপোন হৈ চকুৰ পতাত ...
এনেকুৱাই দৈনন্দিন জীৱন যাপন ---
সুখেৰে দুখ কিনা ,
সপোন দেখিও পাহৰা ,
হিচাপ বিহীন সমীকৰণ ,
সুখ দুখৰ লীলা-খেলা ।
জীৱনৰ প্ৰতিপল সপোন খেদি
সপোনৰ মাজত জীয়াই থাকিও
তথাপি সপোন বিহীন প্ৰতি দিন ।।।
🅾️মাৰ্জিনা বেগম
বৰপেটা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ