শৰতৰ নীলা আকাশত,
এমুঠি জোনাক ঢালি দিয়া,
স্বপনীল আকাশত কানাইৰ বাঁহীৰ
এটি সমধুৰ সুৰৰ মূৰ্চ্ছনা ।
ৰাস মানেই যেন ,
শাৰদীয় বতৰৰ এটি সন্ধিয়া,
জোনক নিশাৰ যমুনা নদীৰ পাৰত
শ শ গোপিনীৰ প্ৰেমৰ মধুৰ বন্দনা।।
ৰাস মানেই যেন,
শৰতৰ শুভ্ৰ পূৰ্ণিমাৰ
যশোদা নন্দনৰ মিলনৰ
বাউলীৰ অবুজ বতৰা।
ৰাস মানেই ,কৃষ্ণ আৰু ৰাধাৰ অবুজ মায়া, কৃষ্ণৰ অমিয়া বাঁহীৰ সুৰত,
চঞ্চল হদয়ত এহাল বনৰীয়া চৰাইৰ
জীপাল সুৰৰ বতৰা মাথোঁ।।
🅾️ নৱজিৎ নাথ,
ছিপাঝাৰ, দৰং, (অসম)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ