শিশু দিৱস- নিজৰা বৰ্মন ডেকা

Rinku Rajowar
0
তুমি শিশু , দেশৰ ভৱিষ্যত
মানৱ সৰোবৰত ফুলা পদুম পাহি,
তোমাৰেই সন্মোহিনী ক্ষমতা
হাঁহিৰ কলকলনি
ভগৱানো হয় সন্তুষ্টি ।
তথাপিও কিয় জানো এচাম লোকে
মানৱ সৰোবৰত ফুলা এইপাহ ফুলৰ
নুবুজে কোনো মাদকতা ।
পূৰ্ণিমাৰ পূৰ্ণ জোনাক
চন্দ্ৰমল্লিকা যেন ফুলকলি 
নাচি-বাগি হালি-জালি ওমলি-জামলি
জাগৰুক আনন্দিত প্ৰজ্ঞাৰ সন্ধানী
হয়তো এদিন উঠিব উজলি
জ্ঞান আকাশৰ ভাস্কৰ হৈ 
হ'ব নক্ষত্ৰ দেশমাতৃৰ ।
সকলো শুনি, সকলো জানি
স্ৰজিলে শিশু শ্ৰমিকৰ কাৰখানা
চন্দ্ৰমল্লিকা ফুলবোৰত সানিলে
অনন্ত সেই চন্দ্ৰকালিমা 
আঁতৰাই সুগন্ধি শুভ্ৰতা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)