অসমীয়া সাহিত্যৰ চানেকি-তৃতীয় বৰ্ষ ৩৩৩ সংখ্যা

Rinku Rajowar
0

শিশুৰ বিকাশত পৰিয়ালৰ ভূমিকা
◾বিটুমনি কোঁচ
ধেমাজি (মাছখোৱা)।।

"ঘৰখনেই হৈছে ,শিশুৰ শিক্ষাৰ ঘাই কঠিয়াতলী।"
যি খন ঘৰত শিশুৰ ঠুনুক-থানাক অমিয়া মাধুৰী মাত নাই‌, সেইখন ঘৰত স্বৰ্গীয় সুখ অনুভূত নহয়। শিশুৰ কলকলনিৰে মুখৰিত কৰা অনন্ত সুন্দৰৰ প্ৰতীক শিশুৰ মাক-দেউতাক ,আত্মীয় স্ব-জন , শিক্ষক সকলে সু-পৰিকল্পিতভাৱে সোণোৱালী পথেৰে আগবঢ়াই নিলেহে কাইলৈ দেশৰ নাগৰিকজন এগৰাকী যোগ‍্য উপযুক্ত নাগৰিক হিচাপে আমাৰ মাজত দেখিবলৈ পাম।
মানৱ জীৱনৰ প্ৰতিটো মানুহৰ অনুভূতিৰ অনুভৱেই শিক্ষা।আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। দেশৰ ভৱিষ্যতৰ সকলো আশা-আকাংক্ষা শিশু সকলৰ ওপৰতেই নিৰ্ভৰ কৰে।প্ৰতেক শিশুৱে জন্মতে কোনো গুণলৈ নাহে। কিন্তু বিভিন্ন গুণসমূহ বিকশাই তোলাত মাক-দেউতাক, পৰিয়ালবৰ্গই সুস্থ-সবল মানসিকতাৰ গঢ় দিয়াত অধিক ভূমিকা ল'ব লাগে। শিশুৱে মাক-দেউতাকৰ কথাতকৈ পৰিয়ালৰ আন সদস্যৰ যিকোনো কথাকে অতি সোনকালে আয়ত্ব কৰে। গতিকে পৰিয়ালৰ সকলো সদস‍্যই আচৰণত সতৰ্ক হোৱাৰ আৱশ্যকতা আছে।এটি সুস্থ -সৱল পৰিবেশত ডাঙৰ হোৱা শিশুৱে ভবিষ্যতে এজন সুস্থ সবল ,বহল মানসিকতাৰ ব্যক্তি হিচাপে পৰিচিত হব পাৰে বুলি ভবাৰ  যথেষ্ঠ স্থল আছে।সেয়েহে শিশুক সৰুৰেপৰাই সৰু -সুৰা কামৰ দায়িত্ব(অসম)ৰ প্ৰতি সচেতন হ'বলৈ শিকাব লাগে।
শিশুক কেতিয়াও অধিক শাসনৰ মাজত ৰাখিব নালাগে।পঢ়া-শুনা ওপৰিও খেলা-ধুলা সময়ত আনন্দ মনে খেলিবলৈ দিব লাগে।অধিক শাসনে শিশুটি  জেদী আৰু উগ্ৰ মানসিকতা হব পাৰে।শিশুক অধিক বস্তু দি অভিলাসী মন এটা সৃষ্টি কৰিব দিব নালাগে।

শিশুৰ বিকাশ বুলি ক'লে,শিশুৰ মানসিক, শাৰীৰিক আৰু বৌদ্ধিক বিকাশৰ এই সকলো বোৰকেই বুজা যায়।শিশুৰ বিকাশ ক্ৰমাগত ভাৱে হোৱাটো আমাৰ প্ৰত‍্যেকৰে ধাৰণা।জানিবলৈ ইচ্ছা কৰাটো শিশুৰ স্বাভাৱিক প্ৰকৃতি।শিশুৱে দৈনন্দিন জীৱনৰ প্ৰতিটো মুহূৰ্তৰ প্ৰতি নজৰ ৰাখে।আৰু নানান ধৰণৰ প্ৰশ্নৰ দ্ধাৰা  ডাঙৰক ব্যক্তিব‍্যস্ত কৰি তোলে।ইয়াৰ অন্তৰালত লুকাই থাকে শিশুৰ কৌতুহল মন আৰু প্ৰকৃতিগত আচৰন।সামাজিক ভাৱে ও শিশুৰ মন সদায়  সচেতন হোৱা দেখা যায়।শিশুৰ বিকাশত প্ৰয়োজন নিয়মিত আহাৰ,পানী ,জলবায়ু লগতে ৰুচি অভিৰুচি।শিশুৰ বিকাশৰ ক্ষেত্ৰত বংশ গতিৰ স্বভাৱ মন কৰিব লগীয়া।
শিশুৰ বিকাশত পৰিয়াল, পৰিবেশ আৰু শিক্ষাৰ প্ৰভাৱ অপৰিহাৰ্য। যিহেতু শিশুৱেই হৈছে, এখন দেশ, এটা জাতিৰ নিৰ্ভৰশীল‌।

সোণালী আঘোণ
     ◾পল্লৱ ৰয়
     পূৰ্বজ্যোতি নিগম
      গহপুৰ,বিশ্বনাথ।
শীতৰ সেমেকা পৰশত
কুঁৱলীৰ জখলা বগাই
সোণালী আঘোণ নামিছে। 
দুবাহুত আনিছে আশাৰ জোলোঙা, 
পূৰঠ সপোনৰ এক মিঠা উন্মাদনা। 

শাওনৰ উদং পথাৰখনে পিন্ধিছে
সোণালী বুটাৰে বচা
আলফুলীয়া ৰিহা। 
কঙাল কৃষকৰ ভোক গুচাবলৈ 
সোণগুটিৰ মিচিকি হাঁহি। 

উতনুৱা মন দিগন্তত
বাউলী আঘোণে ৰচে
সন্তুষ্টিৰ অলিখিত ইতিহাস...
সপোন দিঠক হোৱাৰ মাতাল উল্লাস। 

কান্ধত ঢৌ তুলি ডাঙৰিটোৱে 
কৃষকৰ দুটি ওঁঠত সানি যায়
প্ৰাপ্তিৰ প্ৰণয় হাঁহি। 
দাৱনীৰ হাতৰ স্পৰ্শত
কাচিয়ে চেও দি নাচে
সাতোৰঙী কথাৰ পাকেৰে
এমোকোৰা সপোন বুটলে।

নৰাৰ পেপাৰ বেসুৰীয়া সুৰত
উদ্ভাসিত ল'ৰালিৰ মৌ-সনা স্মৃতি
ফঁহিয়াই থোৱা ৰবাৱ টেঙাৰ মাজত
নোদোকা ভোট জলকীয়াটোৰ
তেজৰঙা হাঁহি। 

বলুকাৰ বগলীজাকে ডেউকাত আঁকে
আঘোণৰ সোণোৱালী ৰং 
মতলীয়া ফৰিংজাকে পথাৰত বিলাইছে
সোণগুটিৰ মিঠা শিহৰণ। 

পকাধানৰ গোন্ধ সাৱটি
লখিমী আহি চোতাল পালেহি
কৃষকৰ আশাৰ চাকনৈয়াত 
পাতিছে সপোনৰ দলিচা
দুচকুত ভোগালীৰ মলয়া। 

মনৰ জলঙাইদি ভুমুকি মৰা আঘোণ
বগা ৰঙাৰ খোজত সৰি
ভঁৰাল মুখী হয়,
হেঁপাহৰ শিঙা বজাই
ভাগৰুৱা কৃষক দেহত
প্ৰাপ্তিৰ সুৰভি বিলাই।। 

ল'ৰালিৰ সাধুকথা
🔴ৰাকেশ নাথ 
ককাদেউতাৰ সাধুকথাত
শুই আছে মোৰ আদিম শৈশৱ

আইৰ দুচকুত বাৰিষা উপচে
নৈৰ পাৰত হালে জালে দুপৰৰ কঁহুৱা।

আকাশত অনুজ্জ্বল তৰা
এইমাত্ৰ জ্বলি গ'ল কাৰ চিতা ?
উৰিছে কুকুহা।
দেওলগা বাট !
দেওলগা বাট !
চকুৰে একোকে নমনি।


শাৰদী ৰাণীৰ সতে নিবিড় সম্পৰ্ক
🔴কুমকুম গগৈ
শিৱসাগৰ, অসম
পুৱাৰ সূৰুযৰ কোমল পোহৰত
মুকুতাৰ দৰে জিলিকি উঠিল
দুৱৰিত লাগি ৰোৱা নিয়ৰৰ কণা l
তাৰ লগে লগে মোৰ হৃদয়ত
জিলিকি উঠিল
কণমানি এটি দুটি হেঁপাহ, সমাগত সুখৰ পদধ্বনি শুনি
আনন্দত আত্মহাৰা মন।
স্নিগ্ধা চন্দ্ৰমাৰ ৰূপোৱালী জ্যোতিত
জ্যোতিস্মান হৈ উঠিছে ধৰাতল।
তাৰ লগে লগে কল্পনাৰ নৱজ্যোতিত
জ্যোতিস্মান হয় মন-প্ৰাণ,
উটি ভাঁহি ফুৰিবৰ মন যায়
সপোনৰ সমুদ্ৰত।
জোনাক ৰাতিবোৰ মায়াময় কৰি তোলা
প্ৰতাৰিত শেৱালী পাহিটিৰ প্ৰেমিকক নুচোৱাৰ,
দৃঢ় সংকল্প লৈ,
পুৱতি নিশাৰ সৰি পৰাৰ সময়ত
মোৰ মনৰ পৰাও সৰি যায়
দুখ, বিষাদৰ টোপোলাবোৰ।
শুভ্ৰ শেৱালী পাহিটিত , পৰিচ্ছন্ন তৰা ভৰা আকাশত
নিয়ৰৰ মুকুতা ভৰা দলিচাত চিৰদিনৰ বাবে লাগি ৰ'ল
মোৰ সুখ, শান্তি, আশা
আৰু স্থায়ী হৈ থাকি গ'ল
শাৰদী ৰাণীৰ সৈতে নিবিড় সম্পৰ্ক।।


নিলিখো বুলি থাকিব নোৱাৰোঁ
🔴নৱজিৎ নাথ,
 ছিপাঝাৰ,দৰং, (অসম)

কবিতা কবিতা যেন লগা ,
মানৱ জীৱনতো মাথোঁ এটি কবিতা...! 
লিখোঁ বুলিয়ে যেন লিখিব পাৰি জানো কবিতা...!                                      কেতিয়াবা বিচাৰি নাপাই চন্দ্ৰৰ লহৰ,শব্দৰ প্ৰাচুৰ্য্য আৰু 
আন কেতিয়াবা আকৌ শব্দৰ মিলনৰ অভাৱ...?

লিখোঁ বুলি যেন লিখিৱ পাৰি যেন কবিতা...!       
কেতিয়াবা এখন শুকান পথাৰত এমুঠি
 শব্দৰ বিচাৰি অভাৱত হয় ...?

কেতিয়াবা আকৌ ভাবো লিখিম কি !
জীৱন মানে এটি কবিতা মাথোঁ,আকৌ কেতিয়াবা অনুভৱ হয়,
কি‌ বিষয় পাঠকে ভালদৰে আকোঁৱালি ল'ব, 
আকৌ কি বিষয় নিৰ্বাচন কৰিলে বেছি বেয়া হ'ব...!
 মাথোঁ চৌদিশে এক হাহাকাৰ ...।।

          
        ‌ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)