শদিয়াৰ পৰা ধুবুৰীলৈ
বিচাৰি চলাথ কৰিলো
ক'তো নাপাওচোন
মনৰ পচন্দৰ আপী
ঘৰখন পাতিবলৈ বুলি ।
দেদাইটি অ' ঘৰখন কেনেকৈ পাতো
তয়েই গমি পিতি চাচোন
সক্ষমেই নাইচোন
পাঁচ পদমান
স্থায়ী যৌতুক দিবলৈ
তয়েই ক'চোন কথাটি
ৰূপেৰে ৰূপৱতী হেনো
শিক্ষাৰে উচ্চয়িত্ৰী
ধনেৰেও ধনী মানী
তথাপিও নাপাওচোন
বিচৰা যৌতুক খিনি ।
শিশুৰ পৰা তুলিলে
কিশোৰী কৰিলে
পঢ়াই-শুনাই ডাঙৰ কৰি
গাভৰু কৰিলে
পৰক দিবলে
নিজেও নোগোটালে ,
দদাইটি অ' কেনে কথা
তই , মই বিচৰা যৌতুক
বুজিকে নাপায়
আজি পশ্চিমীয়া সভ্যতাই
বৰ দূললৈ ঠেলি পঠিয়ায় ।
আৰু নোৱাৰিছো
দায়িত্ব এইবাৰ তোক দিলো
পাৱ যদি কবি বিশ্বাস ,মৰম
সৎস্বভাব ,ধৈৰ্য্য ,সদাচাৰ
যৌতুক কেইপদ চাবি ,
অহা মাঘ বা ফাগুনত
কাম ফেৰা কৰি
সঁচা যৌতুকৰে
ঘৰখন শুৱনি কৰিম
দদাইটি কথাটি দিলো
তই কিন্তু নাপাহৰিবি...
✍️নয়ন মানি বৰা
বিশ্বনাথ চাৰিআলি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ