অসমীয়া সাহিত্যৰ চানেকি-তৃতীয় বৰ্ষ ৩৩৪ সংখ্যা

Rinku Rajowar
0




আজি বুধবাৰ ১৩ আঘোণ ১৪২৯ শকাব্দ । ইং ৩০ নৱেম্বৰ ২০২২ । আগতকৈ অলপমাণ নতুন ধৰণেৰে আমাৰ  আলোচনীখন সজাই তোলা হৈছে । আশা কৰোঁ লেখক লেখিকা তথা পাঠক সমাজে আলোচনীখন পঢ়ি ভাল পাব । 



সমালোচনাৰ পৰিৱৰ্তে আগুৱাই যোৱাৰ পথ দেখুৱাই দিও আহক                                                   

দীপক শৰ্মা                                 

বোন্দা, নাৰেংগী                   


সমগ্ৰ বিশ্বত আটাইতকৈ সহজ কাম হৈ পৰিছে আনক সমালোচনা কৰা । সৰ্বদিশতে আনৰ ভুল খুচৰি থকা লোকৰ সংখ্যা দ্ৰুত হাৰত  বাঢ়িছে । ইয়ে সমাজখনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে ।  আজিৰ এই শতিকাৰ সময়ত গঠনমূলক আলোচনা কৰা মানুহৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা বিধৰ । হকে-বিহকে সমালোচনা কৰাৰ বাবে একাংশ সৎ-নিষ্ঠাবান, কৰ্মোদ্যোগী মানুহে বৰ্তমান সামাজিক কাম তথা গুৰুত্বপূৰ্ণ কাম-কাজৰ পৰা আতৰি আহিবলৈ বাধ্য হৈ পৰিছে । ফেচবুক, ৱাটচপ গ্ৰুপ, টুইটাৰ, ইন্ষ্টাগ্ৰাম আদি সামাজিক মাধ্যমত এক ছেকেণ্ডৰ ভিতৰতে সমালোচনা কৰা সহজলভ্য হৈ পৰাত;  বহু মানুহে  সামাজিক মাধ্যমটোৰ প্ৰতিও বিৰক্তিকৰ ভাৱ,  বিৰাগ ভাৱ  অহা বুলি একেমুখে কয় । ইতিমধ্যে ----  একাংশ মানুহে বৈদ্যুতিক মাধ্যমৰ বা-বাতৰি, আলোচনা ( টক - শ্ব') নোচোৱা হৈ আহিছে । প্ৰায় একেখিনি মানুহে সৰ্বদিশতে  "জান্তা-ৰাম" (সকলোতে পাৰ্গৰ) হৈ পৰা বিধৰ বাবে । বৈদ্যুতিন মাধ্যমবোৰত একেটা বা-বাতৰিকে ওলোটা -পালোটাকৈ বাৰে-বাৰে কৈ থাকে, দেআঘোণই থাকে । বিৰক্তিকৰ ভাব জগাই তোলে । ধৰ্ষণ, হাই-কাজিয়া, ৰাজনৈতিক নেতাৰ বোকা ছটিওৱা ভাষণ  আদি জাতীয় বাতৰিবোৰ বাৰে বাৰে দেখুওৱাৰ  লগতে আলোচনাবোৰ ( টক শ্ব')ৰ আত ধৰোতাবোৰ যেন উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ ন্যায়ধিশৰ ৰূপ  ধাৰণ কৰাৰ বাবে বৈদ্যুতিক মাধ্যমবোৰৰ প্ৰতি আস্থা-বিশ্বাস-ভালপোৱা বোৰ কমি আহিছে । এইয়া আমাৰ লগতে বহুজনৰে মত । সাম্প্ৰতিক সময়ৰ ই এখন বাস্তব জীয়া ছবি । সেয়েহে বহু বিজ্ঞ , জ্ঞানীলোকসকলে মন্তব্য দিয়াৰ পৰা বিৰত থাকে । এই ক্ষেত্ৰত  সকলোৱে সচেতন হোৱাৰ দৰকাৰ ।                           

আমাৰ ভোগবাদী জীৱন-যাপন আৰু সহজলভ্য টকা -ঘটা, বিলাসীতাই আমাৰ জীৱনটো পংগু কৰি তুলিছে । আমাৰ জীৱনৰ প্ৰকৃত লক্ষ্য - উদ্দেশ্য - কৰ্মৰ প্ৰতি বিচলিত কৰি তুলিছে । মানৱীয় প্ৰমুল্যবোধ সমূলি নাইকিয়া হোৱা বুলি ক'লে আজিৰ যুগত বঢ়াই কোৱা নহয় । ইয়াৰোপৰি--- ৰাজনীতিয়ে সমাজখন খুলি- খুলি খাইছে । ৰাজনীতিৰ পাকচক্ৰত সকলোৱে বিৰাজিত হৈ পৰিছে । সচাকৈয়ে আমাৰ মানুহৰ মন - মগজুবোৰ আজিৰ এই শতিকাৰ অত্যাধুনিক বিজ্ঞান - প্ৰযুক্তিবিদ্যাৰ যুগত সমুলঞ্চে নাইকিয়া হৈ পৰিছে ।                 

যোগাত্মক চিন্তাৰে আগুৱাই যোৱা লোকক সমালোচনা কৰি বাধাৰ প্ৰাচীৰ হ'ব ভুলতেও নালাগে । কথাতে আছে---- "শুই থকা শিয়ালে হাহ-কুকুৰা ধৰিব নোৱাৰে।" সেইবাবে কাম কৰা লোকৰ , কাম কৰি যাওতে কেতিয়াবা কিবা, কৰবাত ভুল হ'ব পাৰে । সেয়েহে ইয়াৰ সুযোগ ল'ব নালাগে ( আমি ভাবো) । সমালোচনা কৰিব সহজ । কিন্তু আগবঢ়াই নিয়াটোত প্ৰতিজন লোকে সহযোগ কৰিব লাগে । সৰু-সৰু কৰ্মৰ দ্বাৰাও এটা মহৎ কৰ্ম সম্পাদন কৰিব পাৰি । সুখ্যাতি ধন-ধান, সোণ-ৰূপ আদিতকৈও অধিক মূল্যবান ।                                               

আহক আমি হাতে-হাতে হাত ধৰি  যাও আহা আগুৱাই ।  


স্বদেশৰ শব্দ 

অনন্ত কুমাৰ ভূঞা



তই যে ভূমি পুত্ৰ অসম দেশৰ

তই যে খিলঞ্জীয়া এই মাটিৰ

তই যে লাচিতৰ  সন্তান এই জাতিৰ

আছে তোৰ পূৰ্ণ  অধিকাৰ এই ভেটিত ।


তই যে বাগৰুম্বা নাচৰ নাচনি 

তই যে মূলা গাভৰু এই দেশৰ 

বীৰ বীৰাংগণা অসম দেশৰ   

উত্তৰ পূৰ্বাঞ্চলৰ এই অসম দেশ ।


সমন্বয়ৰ ভেটি ইয়াতে আছে 

অন্যায়ৰ  বিৰুদ্ধে যুঁ‌জাৰ শক্তি আছে 

শোষণৰ প্ৰতিবাদ ইয়াতে হয়

প্ৰতিৰোধ সংগ্ৰামৰ ৰণ দুন্দুভি ইয়াতে বাজে ।


বিপ্লৱী শিল্পীৰ সংগ্ৰাম চলে

বিপ্লৱী গীতৰ সুৰ ইয়াতে বাজে  

শান্তিৰ বাণীৰে জাগৰণ আনে  

মহাত্মাৰ বাণীৰে অধিকাৰ বিচাৰে।


প্ৰৰোচনাত ভুল নাযায়  জাতি 

প্ৰতাৰণাই নিঃশেষ কৰিব নোৱাৰে ৰণ 

বঞ্চিত বেদনাৰ  ক্ষোভৰ 

উদ্ গীৰণ

ন্যায় প্ৰাপ্তি বিচাৰি এই মহা সংগ্ৰাম ।


আঘোণৰ সোণালী পথাৰ

নিজৰা বৰ্মন ডেকা



আঘোণৰ পথাৰত কাঁচিয়লি ৰ'দালি 

কুৱঁলীৰ ফাঁকেৰে মাৰেহি ভূমুকি, 

দুবৰিৰ দলিচাত পৰি নিয়ৰে 

শীত অহাৰ বতৰা দিলে ।

সোণগুটিয়া ধাননি লৈ

আঘোণ নামি আহে ধৰালৈ

শীতক বোকোচাত বান্ধি ।

আশা বাদী কৃষকৰ 

সীৰলুৱে সীৰলুৱে সিঁচা কঠীয়া বোৰ

প্ৰাণপাই উঠি লহপহীয়াকৈ  

আঘোণৰ পৰশত গাভৰু হ'ল।

পকা ধানৰ মাজে মাজে 

গীত গাই গৰখীয়া ডেকাটি ,

উৰি যায় জাক বালিমাহি 

দাৱনীয়ে  ধান দাই হাতত কাচিলৈ 

সোনগুটি ধাননি বোৰ

থয় ডাঙৰি বান্ধি ।

আঘোণৰ পথাৰত কুৱঁলী ফালি 

আবেলিৰ বেলিটিয়ে দি সেন্দুৰীয়া ৰ'দালি 

দূৰ দিগন্তত জোনটিৱে সিঁচিলে জোনাক 

আঘোণৰ পথাৰ ঢাকি

উজ্জ্বলি উঠিল প্ৰকৃতি ৰাণী ।



সোণগুটি

দিপশিখা ৰাজকোঁৱৰ


মই গাঁৱৰ কণমানি জীয়ৰী 

গাঁৱৰ পথাৰতে বাৰেৰহণীয়া

সোণালী সপোন ৰচো নজনাকৈ

আঘোণৰ পথাৰৰ সোণগুটি

বুটলো অকণমানি দুহাতেৰে 

মাজে মাজে আনন্দ প্ৰমোদ

উপভোগ কৰোঁ উলাহেৰে।

নৰাৰে সজা পেপাটি বজাই

নৰাৰে সজা ছাতিটো মেলি

শৈশৱৰ ধেমালি সুৱৰো

গুণগুণ সুৰেৰে গীত জুৰি

ওঁঠতে মিচিকিয়া হাঁহি লৈ

ধানৰ মুঠি বান্ধো এটি দুটিকৈ ।

নতুন লখিমীৰে ভঁৰাল উপচাবলৈ

আথে বেথে সজাই তোলো ভঁৰালটি

পথাৰৰ সোণগুটি ধানৰ বাবেই যে

শাওণৰ বোকা মাটি গছকি

কষ্ট কৰোঁ আঘোণৰ এই ক্ষণৰ বাবে 

অপেক্ষা এতিয়াই পূৰ্ণ হয় 

এয়াই আমাৰ  আঘোণৰ আৱেগ.......!


আঘোণ

শ্ৰী মিন্টু গোৱলা লখিমপুৰ কদম

ফোন নম্বৰ ৬০০১৬০১২৮০


সোণোৱালী বৰণ সানি কৃষৰ 

মুখত হাঁহি বিৰিঙি উঠে আঘোণৰ পথাৰখন চাই।

বাৰিষাৰ ঘাম মাটিত পৰি উৎপন্ন 

হোৱা সোণ গুটি বোৰে কৃষকৰ মন 

 ভৰাই আনন্দ উল্লাহ 

দিয়ে আঘোণৰ মাহত।

লক্ষ্মীৰ ৰূপে আদৰো সোণ গুটি বোৰ 

বাৰিষাৰ ৰʼদ বৰষুণত তিতি বুৰি 

মাটি চহাই সোণ গুটি ৰোৱে কৃষকে 

সেই 

সোণ গুটি বোৰে কৃষকৰ

 মনত আনন্দ দিয়ে সোণ গুটি ৰূপে

 আঘোণৰ পথাৰত।

 দাৱনীৰ মন ও আনন্দে নধৰা হয়  

সোণোৱালী ধাননি ডৰা চাই ।

হেঁপাহৰে এসাঁজ বছৰ যোৰাই খাম বুলি 

আদৰে সোণ গুটি বোৰ 

থোকা - থোকে তললৈ মূৰ কৰা সোণ বৰণীয়া

ধানৰ থোকবোৰ দেখিলেই কৃষকৰ মন ভাল লাগে।

লক্ষ্মীৰ ৰূপে আদৰো সোণ গুটি বোৰ 

সাঁচি থওঁ ভঁৰালত বছৰ দিনলৈ খাম বুলি ।।





Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)