ওলমা দলং - ফখৰুদ্দিন আলি আহমেদ

©Admin
0
অৰুণাচলৰ কামেং জিলাৰ লুমুমৰ সুউচ্চ পাহাৰৰ শিখৰ বগাই তললৈ বৈ আহিছে কামেং নদী। নদীখনৰ পশ্চিম দিশত অৱস্থিত লুমুম ৱাটাৰফল। এই ৱাটাৰফল চাবলৈ ভীৰ কৰে দেশী-বিদেশী নানা পৰ্যটক। ৱাটাৰফলৰ পানীখিনি তললৈ নিজৰাৰ আকৃতিত বৈ আহি কামেং নদীত পৰিছে।  নিজৰাখনৰ ওপৰত আছে এখন ওলমা দলং। এই দলঙেদি লুমুম আৰু চিম্পা নামৰ দুখন অৰুণাচলী গাঁৱৰ লোকে যাতায়ত কৰে ,দুয়োখন পাহাৰীয়া গাওঁ। জনসংখ্যা নিচেই তাকৰ। সেয়ে দলংখন অধিকতৰ সময় জনশূন্য হৈ থাকে। দলংখনৰ পূৱফালে নাতিদূৰত থকা শিল এচটাত বহি নিৰুয়ে একাগ্রতাৰে ওলমা দলংখনলৈ চাই আছে। 
"অ, তুমি ইয়াতে বহি আছা। মই তোমাক অথনিৰে পৰা খুজি খুজি একৰকম হায়ৰান হৈ গৈছোঁ। " 
      ঋষভৰ মাতত নিৰু থতমত খাই গ'ল। ইমানপৰে চাই থকা বোলছবিৰ পৰ্দাখন চকুৰ আগৰ পৰা অন্তৰ্ধান হ'ল। বুকুৰ এচোকত যেন কিহবাই খামুচি ধৰিলে। দলংখন যেন চকুৰ সন্মূখতে ধূসৰ হৈ পৰিল। নিজকে দলংখনত ওলমা ওলমা লাগিল। 
"ঠাইডোখৰ নিৰিবিলি পাই অলপ বহিছিলোঁ।" মিচিকীয়া হাঁহি এটাৰে নিজকে চম্ভালি নিৰুৱে ঋষভৰ ফালে চাই উত্তৰ দিলে। 
      নিৰুপমা হালৈ। সৰুতে মা-দেউতাই তাইৰ নামটো চমু কৰি নিৰু বুলি মাতিছিল আৰু এই চমু নামটোৱেই যেন অলংকাৰ স্বৰূপে আজিলৈকে তাইৰ গাত ওলমি আছে। 
"ব'লা ইয়াৰ পৰা। ল'ৰা-ছোৱালীহালে তোমাক বিচাৰি কেন্টিনৰ ফালে গৈছে।" ঋষভে লাহেকৈ কোৱাত নিৰু বহাৰ পৰা উঠি  ঋষভৰ লগত যাবলৈ উদ্ধত হ'ল। 
      ঋষভৰ লগত তাই বিয়া হোৱা দহ বছৰ হৈ গ'ল। মানুহজন বৰ সৰল আৰু কোমলমতীয়া। বিবাহিত জীৱনৰ দহটা বছৰ যেন চকুৰ পচাৰতে পাৰ হৈ গ'ল। জীৱনৰ ত্ৰিছটা বসন্ত অবিবাহিতা হৈ কটোৱাৰ পিছত মা-দেউতাই জোৰকৈ ধৰাতহে তাই বিয়ালৈ সম্মতি দিছিল। এই দহটা বছৰত তাই দুই সন্তানৰ মাতৃও হ'ল। 
"ঠাইখনৰ নৈসর্গিক মনোমোহা সৌন্দর্যই মন প্ৰাণ পুলকিত কৰি তোলে। " নিৰুয়ে নিৰৱতা ভাঙি ক'লে। 
"কিমান সময় পাৰ হৈ গ'ল গমেই নাপালোঁ।"
"এৰা, ঠাইডোখৰৰ পাহাৰীয়া মনোমোহা সৌন্দর্য উপভোগ কৰিবলৈ দূৰ-দূৰণিৰ বহুলোকেই আহে।"
     ঋষভে কৈ কৈ আগুৱাই গৈ থাকিল। নিৰুয়ে কথাবোৰ আকৌ এবাৰ মনতে খুচুৰি চোৱাৰ যত্ন কৰি ঋষভৰ পিছে পিছে খোজ কাঢ়ি গৈ থাকিল।           
      তাই তেতিয়া হায়াৰ ছেকেণ্ডেৰী বিজ্ঞান শাখাৰ ২য় বৰ্ষৰ ছাত্রী। কলেজৰ কেন্টিনত অফ্ পিৰিয়ড বুলি ৰূপালী, মেগা, এঞ্জেলিনাৰ সৈতে একেলগে চাহ-চিঙৰা খাই কথাৰে ফুলজাৰি মাৰি আছিল। এনেতে কেন্টিনত সৌৰভ, দুলু আৰু প্ৰাণ সেমাই আহিল। সৌৰভ কলেজৰ সাংস্কৃতিক সম্পাদক। নৱাগতৰ বাহিৰে সকলোৰে চিনাকি , স্নাতক ২য় বৰ্ষৰ ছাত্র। দেখাত বগা নহয় যদিও ওখ আৰু সুঠাম চেহেৰাৰ যুৱকজনক দেখিলেই মৰম লাগে। 
"কি এই ছোৱালীহঁত, কেন্টিনৰ চাহ-চিঙৰা শেষ হ'লনে আছে?" ৰগৰৰ সুৰত সৌৰভে নিৰুহঁতৰ ফালে চাই ক'লে। 
"নাই নাই দাদা, আপোনালৈ বুলি নিৰুয়ে দুখনমান সাঁচি থৈছে।" কথা চহকী ৰূপালীয়ে দুষ্টালিৰ ছলেৰে ক'লে। নিৰুয়ে কৃত্রিম খঙতে তাইক ঢকা এটা মাৰোতে আটায়ে গিৰ্জনি মাৰি হাঁহি উঠিল। 
"ঐ সৌৰভদা, এইবাৰ নিৰুয়ে কলেজ এচ্কাৰ্চনত অৰুণাচলৰ কামেং চাব যাব হেনো।" মেঘাই ৰসিকতাৰ সুৰত ক'লে। 
"ঐ মৰতী, তোৰ যে ৱাটাৰফল চাবৰ মন সেইটো নকৱ কেলেই?" নিৰুয়ে মেঘাক শাসনৰ সুৰত ধমক দিলে। 
"হ'ব হ'ব, এইবাৰ তহঁতক কামেঙলৈকে নিম দে।" সৌৰভে সিহঁতৰ ফালে চাই ক'লে। সৌৰভৰ প্ৰতি থকা নিৰুৰ দুৰ্বলতাৰ বিষয়ে মেঘা আৰু ৰূপালীয়েও জানে। আচলতে নিৰুয়ে এদিন কলেজত সৌৰভক নেদেখিলে ৰূপালী বা মেঘাক সুধে।
"ঐ, সৌৰভদা আজি অহা নাই নেকি?" সিহঁতে তাইক ইটো সিটো কৈ জোকায়। তায়ো সিহঁতক দেখুৱাই খং কৰে যদিও মনে মনে তাইৰ কিবা এটা ভাল লাগে। 
    ফেব্ৰুৱাৰী মাহ। ঠাণ্ডাৰ প্ৰকোপ দিনত সিমান এটা নাই। আকাশখনো একেবাৰে ফৰকাল। ক'তো ডাৱৰৰ লেশ মাত্রও নাই। এনে লাগে যেন বৰষুণ দেৱতাই প্ৰকৃতিৰ বুকু শান্ত কৰি জিৰণি লৈছে। নিৰুয়ে বেগা বেগিকৈ ৰাতিতে সাজু কৰি ৰখা বেগটো পিঠিত ওলমাই লৈ কলেজলৈ বুলি বাটলৈ ওলাই আহিল। ৰিক্সা এখন মাতি তাই বহি ল'লে। এচ্কাৰ্চনৰ বাবে সৌৰভহঁতে চুপাৰ এখন ভাড়া কৰিছে , অৰুণাচলৰ কামেঙৰ লুমুম ৱাটাৰফল চাবলৈ যাব। ঠাইখনৰ কথা মনে মনে ভাৱি থাকোতে ৰিক্সা আহি কলেজ গেট পালে। তাই ৰিক্সাৱালাক ভাড়াটো দি কলেজলৈ সোমাই গ'ল। মেঘা, ৰূপালী, এঞ্জেলিনাহঁত ইতিমধ্যে আহি পালে। 
     ক্ষন্তেক সময় পিছতে সকলোকে লৈ বাছখনে অৰুণাচলৰ কামেঙলৈ বুলি যাত্রা কৰিলে। বাটত কি যে হুলস্থুল। আধা ঘণ্টামান যোৱাৰ পিছত বাছখন ভালুকপুং গেটত ৰখালে। সৌৰভহঁতে গেটত কিবা লেখা মেলা কৰাৰ পিছত আকৌ বাছখনে যাত্রা আৰম্ভ কৰিলে। একাবেকা বাটেৰে বাছখন পাহাৰ বগাই ওপৰলৈ উঠি গ'ল। প্ৰায় ডেৰ ঘন্টামানৰ পিছত বাছখন লুমুম পালেগৈ। বাছখন চাৰ্কিট হাউছৰ সন্মূখত ৰখোৱাৰ লগে লগে আটাই সোপাই কিৰিলি পাৰি তললৈ নামি গ'ল। 
     অৰুণাচলৰ সুউচ্চ পাহাৰ ভেদি প্ৰায় কুৰি মিটাৰ তললৈ নামি অহা লুমুম ৱাটাৰফলৰ বিশাল জলধাৰা দূৰৈৰ পৰা এখন বগা চাদৰ হেন দেখি। ৱাটাৰফলৰ পানীখিনি ওলমা দলঙৰ পৰা স্পষ্ট ভাৱে দেখা পোৱা যায়। দলঙত থিয়হৈ ৱাটাৰফলৰ পানীলৈ একেথৰে চাই থাকিলে এনে অনুভৱ হয় যেন দলংখন ক্ৰমাৎ আলাসতে লিফ্টৰ দৰে ওপৰলৈ উঠি আছে। 
"ঐ মৰতী, ইমান সময়ে কি চাই আছ? বলনা সৌ শিলচটালৈকে যাওঁ।" ৰূপালীয়ে নিৰুৰ বাহু এখন হেচুকি দি ক'লে। 
"নাই অ, দলঙত থিয়হৈ ৱাটাৰফলটো চালে নিজকে কিবা উৰি থকা উৰি থকা যেন লাগে।"
"হ'বদে, ইমান ইমাজিনেটিভ হ'ব নালাগে। তাতকৈ ব'ল সৌ শিলচটাতে বহুগৈ।"
     ইমান পৰে ল'ৰা ছোৱালীবিলাকৰ বেছি ভাগেই তলৰ নিজৰাৰ পাৰে পাৰে ৱাটাৰফলটোৰ কাষ পালেগৈ। 
"মেঘা আৰু এঞ্জেলিনা ক'ত?" নিৰুয়ে সুধিলে। 
"ইহঁতদুটা গ'ল কাহানিবাই। ওচৰৰ পৰা বোলে ৱাটাৰফল চাব।"
     নিৰু আৰু ৰূপালী দলঙৰ কাষৰ লংলুঙীয়া বাট এটাৰে তললৈ নামি নিজৰাৰ পাৰে পাৰে বিপৰীত দিশত আগুৱাই গ'ল। নাতি দূৰতে এখন ডাঙৰ সমতল শিল। হয়তো শিলচটাৰ বাবে নিজৰাখনে ভাজলৈ কেকুঁৰীৰ সৃষ্টি কৰিছে। দুয়ো শিলচটাত বহি ল'লে। শিলচটাৰ পিছফালে আছে এটা ডাঙৰ শিৰিশ গছ। গছ নহয় যেন এখন ছাতিহে। নিজৰাৰ পানীৰ হৰ হৰ শব্দ আৰু ফিৰফিৰিয়া বতাহত যেন কিবা যাদুহে আছে। ক্ষন্তেকৰ বাবে সৃষ্টিৰ ৰচকৰ প্ৰতি কৃতজ্ঞতাত মূৰটো দো খাই যায়। 
"ঐ তহঁত দুজনী ইয়াতে আছ? পিছে লগত পানীবটল আছে নে নাই?" মাজতে সৌৰভে আহি মাত দিলে। 
"পানীবটল গাড়ীতে এৰি আহিছো। ৰ'ব মই লৈ আনো।" ৰূপালী উঠি পানীবটল আনিবলৈ গাড়ীৰ ফালে গ'ল। সৌৰভ আহি নিৰুৰ কাষতে শিলচটাত বহি পৰিল। 
"সৌৰভদা, দেখিছানে সৌ ওলমা দলংখন?" নিৰুয়ে মাত লগালে। 
"অ দেখিছোতো, তাৰনো আকৌ কি হ'ল? আমি ৱাটাৰফলহে চাব আহিছোঁ।"
"নাই অ, মানে এই দলংখনেও হয়তো নিজকে পূর্ণ বুলি ভাৱে যদিও সি খুটি আৰু মাৰুলি বিহীন।"
"তাৰ আত্মবিশ্বাস আছে। সেয়ে ই টিকি আছে।" সৌৰভে দৃঢ়তাৰে ক'লে। 
"বিশ্বাসৰ ভেটি থাকিলেহে আত্মবিশ্বাস গঢ়ি উঠে।" নিৰুয়ে উত্তৰ দিলে। "আচলতে আমাৰ বয়সৰ ছোৱালীবিলাকৰ ভেটি নাই। সেয়ে আমি চঞ্চলা চপলা।" নিৰুয়ে লগত যোগ দি ক'লে। 
"বিশ্বাসৰ ভেটি সাজি ল'ব লাগিব।" সৌৰভে নিৰুৰ চকুত চকুথৈ ক'লে। 
"তুমি হ'বানে মোৰ বিশ্বাসৰ ভেটি?" হঠাতে নিৰুয়ে কৰা প্ৰশ্নত সৌৰভ থৰ লাগিল। সি লগে লগে তাইৰ হাতদুখন তাৰ বুকুত সাৱটিলৈ ক'লে--
"মোৰ ভাল পোৱাত তোমাৰ বিশ্বাস আছেনে?"
"মোৰ বিশ্বাস সৌ পাহাৰটোৰ দৰে, স্থিৰ আৰু অজৰ অটল।" নিৰুৰ স্পষ্ট উত্তৰ। 
     ইয়াৰ পিছত লাহে লাহে ম্লান পৰি আহে দুয়োৰে কথোপকথন। বিচৰণ কৰে দুয়ো অন্য এখন পৃথিবীত। সাক্ষীহৈ ৰয় মাথো সেই নিজৰা আৰু ওলমা দলংখন। 
    সময় বৰ নিষ্ঠুৰ। কালৰ গতিত আজি দুয়ো দুখন পৃথিৱীত। গ্ৰেজুৱেচন কমপ্লিট কৰাৰ পিছত সৌৰভ পুনেলৈ মাষ্টাৰ কৰ্চ পঢ়িবলৈ গৈ আৰু ঘুৰি নাহিল। মাষ্টাৰ কৰ্চ কৰাৰ পিছত ইক'নমিক্সত গৱেষণা কৰি ডক্টৰেট হৈ তাৰে কোনোবা এখন কলেজত সোমাল। কিছুদিন ফোনত কথা হৈছিল যদিও পিছলৈ ব্যস্ততাৰ দোহাই দি ফোন নকৰা হ'ল। নিৰুয়ে বি. এছ. ছি পঢ়ি ঘৰতে তালৈ বাট চাই ৰ'ল। সুদীৰ্ঘ ন বছৰ অতিক্রম কৰাৰ পিছতো সৌৰভ ঘূৰি নাহিল। হয়তো তাৰ বিশ্বাস আৰু প্ৰতিশ্ৰুতিবোৰ সিদিনাখন ওলমা দলঙতে ওলমি ৰ'ল। 
"অ মা, আমি ৱাটাৰফল চাই কাহানিবাই ঘূৰি আহিলোঁ। তুমি ক'ত আছিলা মা?" সৰু ছোৱালীজনীৰ মাতত তাইৰ যেন স্বপ্ন ভংগ হ'ল। 
"ক'তো যোৱা নাছিলো মাজনী, সৌখিনিতে থকা ওলমা দলংখনত কিবা ওলমি থকা যেন দেখি চাবলৈ গৈছিলোঁ।"
নিৰুয়ে ছোৱালীজনীক লাহেকৈ চুমা এটা খাই ক'লে। কিন্তু তাইৰ কথাৰ তাৎপৰ্য কোনেও বুজি নাপালে। 
********* *** সমাপ্ত *** ********
বিঃদ্রঃ গল্পত বৰ্ণিত স্থান, কাল, পাত্র সম্পূর্ণ কাল্পনিক। লিখকৰ নিজা সৃষ্টি। কোনো পাঠক পাঠিকাৰ জীৱনৰ সৈতে কিবা সাদৃশ্য থাকিলে ইয়াক এক সংযোগ বুলি ধৰি লয় যেন। ------লিখক-----

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)