১১ নৱেম্বৰ- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
☯️১৮৮৮ চনৰ আজিৰ দিনটোতে স্বাধীন ভাৰতৰ প্ৰথমজন শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিন। প্ৰতি বছৰে তেওঁৰ জন্ম দিনটো ভাৰতত ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয়।
☯️১৯৬৬ চনৰ আজিৰ দিনটোতে সাহিত্যিক ডিম্বেশ্বৰ নেওগৰ পৰলোক প্ৰাপ্তি ঘটে।
☯️১৯৭০ চনৰ আজিৰ দিনটোতে মহেন্দ্ৰ মোহন চৌধুৰীয়ে অসমৰ মুখ্যমন্ত্ৰী পদ অলংকৃত কৰে আৰু তেওঁ ১৯৭২ চনৰ ৩০ জানুৱাৰীলৈকে মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰে।
☯️১৯৮১ চনৰ আজিৰ দিনটোতে সাহিত্যিক ৰমা দাসৰ মৃত্যু হয়।
☯️ৰাছিয়াৰ সাহিত্যিক ফিওদোৰ দস্তয়েভস্কিৰ জন্ম হৈছিল ১৮২১ চনৰ আজিৰ দিনটোতে।
☯️কেশৱ সেনৰ নেতৃত্বত কলকাতাত আদি ব্ৰহ্ম সমাজ প্ৰতিষ্ঠিত হয় ১৮৬৬ চনৰ আজিৰ দিনটোতে।
☯️চৰকাৰীভাৱে প্ৰথম বিশ্বযুদ্ধৰ সামৰণি পৰে ১৯১৮ চনৰ আজিৰ দিনটোতে আৰু অষ্ট্ৰিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হয় আৰু জাৰ্মানীয়ে পৰাজয় স্বীকাৰ কৰে।
☯️অত্যাচাৰী, স্বেচ্ছাচাৰী শাসক হিটলাৰক গ্ৰেপ্তাৰ কৰা হয় ১৯২৩ চনৰ আজিৰ দিনটোতে।
☯️১৯৭৫ চনৰ আজিৰ দিনটোতে এংগোলা পৰ্তুগীজ শাসনৰ পৰা মুক্ত হয়।
☯️মালদ্বীপ গণতন্ত্ৰত পৰিণত হয় ১৯৬৮ চনৰ আজিৰ দিনটোতে।
☯️আকাশ টেবলেট হৈছে বৰ্তমান বিশ্বৰ সকলোতকৈ কম খৰচী তথা ভাৰত চৰকাৰ, আই আই টি ব’ম্বে আৰু ভাৰতীয় নিৰ্মাতা QUADৰ সহযোগত ব্ৰিটিছ কোম্পানী ডাটাৱিণ্ডে নিৰ্মাণ কৰি উলিওৱা এণ্ড্ৰইড প্ৰযুক্তিৰ টেবলেটৰ এক শৃংখলা। 
☯️২০১২বৰ্ষৰ আজিৰ দিনটোতে "আকাশ-২" মুকলি কৰি দিয়া হয়, আকাশ-১ৰ তুলনাত আকাশ-২ ত ঊন্নত প্ৰচেচৰ, আৰু অধিক ৰেম যুক্ত। আকাশ-২ আই আই টি ৰাজস্থানৰ সহযোগত নিৰ্মাণ কৰা হৈছে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)