মৰহা হেপাহ -নিৰঞ্জন হাজৰিকা

©Admin
0
এখন অভাৱৰ সাগৰত
ককবকাই ককবকাই
জীয়াই থাকে এদল মানুহ!
সিহঁতে  সময় কালাতিপাত কৰে
জীয়াই থকাৰ আখৰাত,
সিহঁতৰ জৰাজীৰ্ণ জুপুৰি 
শীৰ্ণকায় দেহবোৰে
 প্ৰতিনিধিত্ব কৰে সিহঁতৰ 
অভাৱী জীৱনৰ ।
সিহঁতৰ জীৱন যাপনতো নাথাকে
উদ্যম বা বৈচিত্ৰ্যতা,
জীয়াই থকাৰ তাড়নাত
জীয়াই থাকে সিহঁত ।
সিহঁতৰ নাথাকে 
সামাজিক পৰিচয়ৰ
মিঠা মিঠা সুবাস ।
দৰিদ্ৰতা সিহঁতৰ  সহচৰ,
সিহঁতলৈ দিয়া সহায়ৰ টোপোলাও
কাঢ়ি নিয়ে চতুৰ শিয়ালে!
হ'লেও জীয়াই থাকে সিহঁত
সিহঁতৰো আছে
জীয়াই থকাৰ হেঁপাহ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)