ঐ ছোৱালী- নাছিৰ‌ আহমেদ

©Admin
0
ঐ ছোৱালী তোৰ নাম কি ?
মোৰ নাম ! 
যি নামেৰে মাতিবা , সেই নামেৰে মই সহাঁৰি দিম ;
অনামিকা, বৰ্ণালী, স্বপ্না, জাহানাৰা বা মেৰী ,
যি নামেৰে মাতিবা ।

ঐ ছোৱালী তোৰ দেউতা কোন ?
মোৰ দেউতা! 
 পৃথিৱীৰ সকলো পুৰুষেই মোৰ দেউতা ।
মাৰ দৰিদ্ৰতাৰ সুযোগ লৈ
এজন লম্পট পুৰুষে মাৰ যৌন থলিত
ৰোপন কৰিছিল তেওঁৰ অশুচি বীজ !
সেই বীজ অংকুৰিত হৈ মই ভূমিষ্ঠ হলো ধৰাৰ বুকত । 
চকু মেলিয়েই মই মুগ্ধ হ'লো                                                 পৃথিৱীৰ ৰং -ৰস-সৌন্দৰ্যৰ ৰেহৰূপ চাই  ;
মোৰ লম্পট পিতৃ এন্ধাৰৰ আঁৰত লুকাই থাকিল।

ঐ ছোৱালী তোৰ ধৰ্ম কি ?
মোৰ ধৰ্ম !
মাৰ কপালৰ সেন্দুৰ চাই মই হিন্দু চাগে ;
কিন্তু, যাৰ ঔৰসত মোৰ জন্ম!
তেওঁ হিন্দু, মুছলমান , খৃষ্টান নে নাস্তিক
মই কেনেকৈ জানো ? 

ঐ ছোৱালী তোৰ ঘৰ ক'ত?
মোৰ ঘৰ !
নাৰীৰ আকৌ ঘৰ !
আমি পানীৰ দৰে ;
যি পাত্ৰত ৰাখিবা , সেই পাত্ৰৰ আকাৰ লওঁ আমি ।
হয়তো কোনো পাহাৰৰ জনজাতীয় অঞ্চলত,
অসম, ভাৰত তথা বিশ্বৰ কোনো সমতল ভূমিত,
কোনো বিশাল আকাৰৰ ছাহাৰা মৰুভূমিত,                           বৰফেৰে ঢকা  সুমেৰু ,কুমেৰুত
বা ব্ৰহ্মপুত্ৰৰ কোনো চৰ-চাপৰিত ;                
নাইবা কোনো কামুক পুৰুষৰ শয্যাই মোৰ স্থায়ী ঠিকনা !

ঐ ছোৱালী তই কাক ভাল পাৱ ?
মই কাক ভাল পাওঁ!
মই ভাল পাওঁ এখন শানিত তৰোৱাল  ।
যি পুৰুষে নাৰীক খেলৰ সামগ্ৰী বুলি ভাৱে,
সুযোগ পালেই নাৰীৰ ওপৰত জঁপিয়াই পৰে ;
নাৰীৰ সতীত্ব নষ্ট কৰে ।
শানিত তৰোৱাল খনে তেওঁৰ অঙ্গ চ্ছেদ কৰে।
এই শানিত তৰোৱাল খনেই মোৰ শ্ৰেষ্ঠতম প্ৰেমিক!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)