জন্মভূমি-আলতাব হুছেইন

©Admin
0
অসম আমাৰ জন্মভূমি
অসমৰ মাটিত মেলিলো চকু দুটি
অসম খনেই আমাৰ আই মাতৃ
আই অসমী তোমাৰ বুকুতে শুই 
আকৌ মুদিম যন্ত্ৰনাৰে ভৰা চকু দুটি।

অসমৰ মানুহ আমি অসমীয়া
নদ-নদী পাহাৰ পৰ্বতেৰে ভৰা
নানা সংস্কৃতি আৰু গছ-গছনিৰে 
আমাৰ আই মাতৃ চিৰ বিনন্দীয়া ।

নানা জাতি উপজাতিৰে ভৰা 
অসম খনেই আমাৰ ঠিকনা, 
সকলো ভাষাতকৈ উত্তম 
আমাৰ আই মাতৃৰ ভাষা অসমীয়া।

পৰ্বত-পাহাৰ নদ-নদীৰে অসমান
ফলে - ফুলে জাতিষ্কাৰ 
আমাৰ এই জন্মভূমি ,
নানা জন -জাতিৰে থাকোঁ মিলিজুলি।

আমাৰ এই জন্মভূমিৰ মাটি পলসুৱা 
খেতি-বাতিৰে‌ কৰোঁ আমি 
আমাৰ এই মাতৃভূমি সেউজীয়া ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)