এৰাবাটৰ লগৰী- ফখৰদ্দিন আলি আহমেদ

©Admin
1
যৌৱন বাটতে 
তোমাক পাই হঠাতে
হৈ যায় হিয়া দিয়া নিয়া, 
উল্লাসিত দেহা মন
কৰি তোমাক সমৰ্পন,
গুপুতে পাতিছিলোঁ বিয়া।
ধৰি ললোঁ জীৱন বাট
লগতলৈ বজাৰ হাট,
কাষতে তোমাৰেই সংগ
কৰি নানা আলাপন,
আগুৱালোঁ বহু যোজন
হৈ দুয়ো গহীন অন্তৰংগ। 
সময় যায় বাগৰি 
জিৰণিৰ নাই আহৰি,
অমানিশাৰ ঘটে আগমন 
আচম্বিতে আগুচি বাট
খামুচি ধৰিলা হাত,
বুকুচাতে কৰিলা শয়ন। 
কিনো মন কৰিলা 
আধা বাটে এৰিলা,
পাহৰিলা সকলো বান্ধোন
সাত সাগৰ সিপাৰে
কোনোবা দিন দুপৰে
পাৰা যদি কৰিবা স্মৰণ।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment