মই আজিৰ মানুহ- ৰজনী কুমাৰ ডেকা

©Admin
0
মই জীৱ শ্ৰেষ্ঠ মানৱ
বিনিময় আমাৰ মানৱ নক্ষত্ৰ, 
জন্ম মোৰ অস্ত্ৰোপচাৰৰ স'তে
চৌদিশৰ অৱদান মোৰ বিজ্ঞানৰ,
উশাহ মোৰ প্ৰদূষণৰ, 
খাদ্য মোৰ ৰাসয়নিকৰ 
পাত্ৰ মোৰ পলিথিনৰ, 
মই জীৱ শ্ৰেষ্ঠ মানৱ। 
শিক্ষা মোৰ ইণ্টাৰনেটৰ 
জীৱিকা মোৰ যান্ত্ৰিকৰ,
বিবাহ মোৰ কাগজ-কলমৰ 
সংসাৰ মোৰ অভিনয়ৰ, 
মই জীৱ শ্ৰেষ্ঠ মানৱ। 
ৰোগ মোৰ আপদকালীনৰ 
ৰোগবীজানু মোৰ বিদেশৰ, 
আধৰুৱা সপোন মোৰ 
বিলাসিতাৰ , 
মই জীৱ শ্ৰেষ্ঠ মানৱ। 
কি নীতি? 
কিনো পৰম্পৰা??
অবুজ সাঁথৰৰ সাধু হ'ল 
আজি এইবোৰ। 
আধুনিকতা আজি মোৰ পূজনীয় 
মই হ'লো নৱপ্ৰজন্মৰ 
আজিৰ মানুহ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)