যেন থমকি যোৱা সময়!
ভয়াৱহ দুৰ্য্যোগময়
গভীৰ আমাৱস্যাৰ ৰাতি,
পোহৰহীন দিৱস
অক্সিজেনহীন বায়ু,
মৃতপ্ৰায় আয়ু
ৰংহীন ছবি,
শব্দবিহীন কবি
ছন্দ বিহীন গান,
উশাহ হীন প্ৰাণ
সংগীবিহীন ভূৱন,
আশাহীন ব্যৰ্থ জীৱন!
তুমি অবিহনে জীৱন
যেন পতিত বিৰান ভূমি,
নীলা সজীৱতাহীন ভূ-খণ্ড
কেৱল মৰুভূমিৰ বালিচৰ,
প্ৰাণহীন জীয়াই থকা
চাৰিওফালে কেৱল
এন্ধাৰ আৰু এন্ধাৰ।
তুমি অবিহনে জীৱন
যেন
শূণ্য আকাশ,
শূণ্য বতাহ
শূণ্য পৃথিৱী,
কোনো নাই,মই নিঃস্ব,
একেবাৰেই নিঃস্ব।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ