তুমি কাষত আছা বাবেই-কুমকুম গগৈ

©Admin
0
তুমি কাষত আছা বাবেই হয়তো অভিমানবোৰ বৰষুণ হৈ
নামি আহে মোৰ বুকুলে।
তুমি কাষত আছা বাবেই হয়তো
হেপাহৰ ৰঙা বেলিটিয়ে
প্ৰেমৰ ৰং সানে মোৰ কলিজাত।
তুমি কাষত আছা বাবেই হয়তো,
হৃদয়ত অহৰহ বাজি থাকে
প্ৰণয়ৰ পঞ্চাসুৰ।
তুমি কাষত আছা বাবেই হয়তো
কলীয়া মেঘে ঢাকিব নোৱাৰে
মোৰ মন আকাশৰ জোন।
তুমি কাষত আছা বাবেই হয়তো
সুমধুৰ সুৰ তুলি ভাল লগা শব্দ বোৰে 
সপোনৰ মেলা পাতে মোৰ হৃদয়ত।
কাৰণ,
      মই তোমাক নিসংকোচে ভাল পাওঁ,
মোৰ বুকুত সংগোপনে সাঁচি থৈছোঁ তোমাৰ নাম।

✍️কুমকুম গগৈ
শিৱসাগৰ, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)