তুমি গৌৰৱ অসম বীৰ
তোমাৰ পৰাক্ৰমত সমস্ত মোগল
আক্ৰমণ এৰি হৈছিল ধীৰ
তুমি লাচিত নৰিয়া গা
এৰি দি সকলো কষ্ট ক্লেশ
তোমাৰ সৈন্য উঠিল জাগি
তোমাৰ ৰণচণ্ডী মূৰ্তি দেখি
সেয়েহে হৈছিল অসম জয়।
কূট-কৌশল শত বাধা
ৰণোদ্দোমত মোগল হৈ দিশহাৰা
এৰি দি অসম জয়ৰ নিচান
পলায়ণ কৰিছিল মোগল হৈ সৰ্বহাৰা
দেশ থাকিলেহে থাকিব বেশ
দেশৰ ৰক্ষাৰ ৰণত নিজকে কৰিছিলা শেষ
যদিও নাই সেই সোণৰ অসম
আশাবাদী আমি
আকৌ গঢ়ি উঠিব তোমাৰ সপোনৰ দেশ।
✍️জহিৰুল ইছলাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ