শিক্ষকে নিজৰ ছাত্ৰ বিলাকক দেখা পাই সোনকালে সিহঁতৰ কাৰণে চাহ লৈ আহিল। কিন্তু আচৰিত কথাটো হ'ল শিক্ষক জনে তিনিটা বেলেগ বেলেগ কাপত চাহ লৈ আহিছে। ইয়াৰ মাজত এটা কাপ হ'ল চিনামাটিৰ যি সকলোতকৈ সুন্দৰ । অলপ কম সুন্দৰ কাপটো হ'ল কাগজৰ। আৰু সকলোতকৈ অসুন্দৰ প্লাষ্টিকৰ কাপটো। এনে দৃশ্য দেখি ছাত্ৰ বিলাকৰ মাজত এটা প্ৰশ্নৰ সৃষ্টি হ'ল। এতিয়া এই চিনামাটিৰ কাপটো কোন জন ছাত্ৰৰ প্ৰাপ্য বুলি । তাকে লৈ সমালোচনা আৰম্ভ হ'ল ।
ছাত্ৰ বিলাকৰ কথাৰ মাজতে শিক্ষক জনে কবলৈ ধৰিলে " মই ইচ্ছা কৰি এই তিনি ধৰণৰ কাপ লৈ আহিছোঁ"।
ইয়াৰ দ্বাৰা আজি জীৱনৰ এটা সত্য তোমালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ।
সকলোৱে এতিয়া মনোযোগেৰে শুনা ।এই কাপকেইটাক ধৰি লোৱা তোমালোকৰ জীৱন-যাপনৰ বিভিন্ন দিশ যেনে- দামী গাড়ী, উন্নত মানৰ ঘৰ, অজস্ৰ টকা পইচা ইত্যাদি ইত্যাদি। আৰু এই কাপত ৰক্ষা চাহ তোমালোকৰ জীৱন।
তোমালোকে এতিয়া যিকোনো কাপতে চাহ নোখোৱা কিয় প্ৰতিটো কাপৰ চাহৰ সোৱাদ কিন্তু একেই । অৰ্থাৎ জীৱন যাপনৰ শৈলী বেলেগ হ'লেও জীৱনৰ সোৱাদ একেই।
সেইকাৰণে আমি কাক কেনেদৰে চাও এইটো আমাৰ ভাৱনাবোৰৰ লগত হে কথা । জীৱনৰ লগত নহয়।।
✍️আব্দুল কাদেৰ মিঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ