যি সকলে আনিছে
সকলোকে জনাইছোঁ প্ৰণাম।
বাকীচোৱা যাত্ৰাপথত
নালাগে তোমালোকক
দেৱদূতৰ ৰথত যাম।।
গাঁৱৰ ডেকা বুঢ়া
সকলোৱে মিলি-জুলি
দেহাটি কৰিব দাহ।
চকুৰে নেদেখা হৈ
কাণেৰে নুশুনা কৈ
এৰিম সেই দুদিনীয়া বাহ।।
এদিন দুদিন কৈ
তিনিদিন যেতিয়া হ'ব
সমাজ আহি তিলনী পাতিব।
ছন্দ কীৰ্ত্তন ভাগৱতৰ
ৰাগিনী শুনিবলৈ
দেৱদূত মোৰ সাক্ষী হৈ ৰ'ব।।
দহদিনলৈকে মই
পৱিত্ৰ শ্মশান থলীলৈ
থাকিম অহাযোৱা কৰি।
একাদশ দিৱস হ'লে
যামগৈ একেবাৰে
আৰু কেতিয়াও নাহোঁ ঘুৰি।।
বসুধাত থাকিব মোৰ
পুত্ৰ-কন্যা,পৰিবাৰ
সৰগৰ পৰা থাকিম চাই।
বিষয় বাসনা এৰি
দেৱদূতক সখা পাতিম
লোভ মোহ কাম ক্ৰোধ দিম দলিয়াই।।
ভাত পানী নালাগে
কানি কাপোৰ নালাগে
কাকো আমনি নকৰোঁ
কেতিয়াও মই।
ৰজা বাসৱৰ সৰগত
লিখিম মোহনীয়া গীত
নাথাকিব একো সংশয়।।
মোৰ প্ৰাণৰ সজাটি
থাকিব যেতিয়া চোতালত পৰিয়ালেও তেতিয়াহে কান্দিব।
পল পল দণ্ড কৰি
সময়ে মাৰিলে পাখি
মনৰ দুখ কেনিবাদি যাব।।
সমাজৰ স্মৃতি হৈ
থাকিব মোৰ এই কবিতা
শ্মশানৰ দেৱদূত।
ধৰাধাম এৰাৰ পাছত
সুঁৱৰিলে কিটো হ'ব
কলম আছিল অদ্ভুত।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ