কিতাপ লিখি কিমান পালি-চুমিন্দ্ৰ চৌধুৰী

Rinku Rajowar
0
"If there's a book that you want to read but it has not been written, Then you must write it."-  By Tony Morrison 

 জীৱনৰ প্ৰথমখন উপন্যাস "বিহঙ্গম দৃষ্টিত মিজোৰাম", ইয়াৰ ইংৰাজী অনুবাদ "Nghah Loh Dawr"  আৰু মোৰ স্বলিখিত গল্প আৰু প্ৰবন্ধৰ সংকলন "এজন সাহিত্য অভিযন্তাৰ আত্মকথা" নামৰ গ্ৰন্থ তিনিখন বিগত এবছৰৰ ভিতৰতে প্ৰকাশ  পোৱাৰ পাছত  আজিকালি প্ৰায়েই কিছুমান চিনাকী বন্ধু-বান্ধৱী আৰু সম্পৰ্কীয় মানুহে মোক সুবিধা পালেই কিতাপ লিখি কিমান পালি বুলি প্ৰশ্ন কৰে। এই প্ৰশ্নটোৰে দৰাচলতে মই কিমান টকা ঘটিলো তাকে তেওঁলোকে জানিব বিচাৰে।  ইয়াৰ বাবে তেওঁ লোকৰ গাত অৱশ্যে অকণমানো দোষ নাই।  কাৰণ তেওঁলোকে দৰাচলতে কিতাপ লেখা কামটো এটা ধন উপাৰ্জনৰ পেছা বুলি ভাবে। দৰাচলতে কিন্ত কিতাপ লেখাটো হৈছে এটা সাংঘাতিক নিচা তথা অভিলাষ । খুব কমসংখ্যক লোকেহে  ধন উপাৰ্জনৰ সম্বল হিচাপে কিতাপ ৰচনা কৰে।  এজন ব্যক্তিয়ে কিতাপ এখন লিখি কিমান ধন আৰ্জন কৰিব পাৰে সেই কথাটো বাদ দি  অন্যান্য বহুতো কিবাকিবি লাভ কৰে। আৰু  সেই কিবাকিবি বোৰৰ প্ৰাপ্তিৰ সুখ অতুলনীয়, অমূল্য আৰু অমিয় । এজন লেখকক বাদে আনে ইয়াক বুজিব পৰাটো টানেই নহয় অসম্ভৱবো। ১৯৯৮ চনতে মোৰ জীৱনৰ প্ৰথমখন গল্প সংকলন "এখন চিঠি" প্ৰকাশ পোৱাৰ বাইশ বছৰৰ পাছত পুনৰ কাপত হাত দি স্বয়ং ময়ো সেই কিবাকিবি বোৰৰ লোভত গাঁথিৰ ধন ভাঙি এখনৰ পাছত আনখন কিতাপ লিখিব ধৰিছো । কোমল ছপাৰ কলিৰে মলমলাই থকা নিজৰ স্বৰচিত কিতাপবোৰ ছপাশালৰ পৰা চিধাই আহি হাতত পৰিলে মনৰ মাজত উদয় হোৱা আনন্দ খিনি এজনী প্ৰসূতিয়ে প্ৰথম বাৰৰ বাবে  নিজৰ সদ্য নৱজাত সন্তানৰ মুখখন দেখা সুখৰ দৰে লাগে। নিজৰ ৰচিত কিতাপ এখনৰ পাণ্ডুলিপিটো প্ৰকাশকৰ হাতত তুলি দিয়াৰ পাছত সেইখন ছপাশালৰ পৰা মুদ্ৰিত হৈ ওলাই অহালৈ কিমান উৎকন্ঠাৰে পাৰ কৰা হয় তাক মাত্র এজন লেখকেহে বুজি পাব পাৰে ।   মোৰ অনুমান প্ৰত্যেকজন লেখকেও  চাগে এইবোৰ কথা মই ভবাৰ দৰেই অনুভৱ কৰে ।  আজি আপোনালোকক মোৰ নিজস্ব দৃষ্টিভংগীৰে কিতাপ লিখি লেখক এজনে দৰাচলতে লাভ কৰা এই সকলোবোৰ কিবাকিবিৰ বিষয়ে অৱগত কৰাব বিচাৰিম।  তাৰ আগতে প্ৰসংগক্রমে এই লেখাটোৰ লগত সংগতি ৰাখি আজি কিছুদিন আগতে মোৰ ব্যক্তিগত জীৱনত সংঘটিত এটা ঘটনা উল্লেখ কৰিব বিচাৰিছোঁ। 
সেইয়া আজি এসপ্তাহ মান সময়ৰ আগৰ কথা। বিগত প্ৰায় ডেৰ বছৰ ধৰি আমাৰ চুবুৰীয়া মায়াৱী ৰাজতান্ত্ৰিক দেশ ভূটানৰ পটভূমিত লিখি থকা মোৰ সদ্য প্ৰকাশ পাব লগীয়া " ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি" নামৰ উপন্যাসখনৰ চূড়ান্ত পাণ্ডুলিপিটো মনিকূট প্ৰকাশনৰ হাতত জমা দিয়াৰ আগতে মোৰ পৰিবাৰক কিতাপখনৰ  উপসংহাৰ খণ্ডটো এবাৰ চকু ফুৰাই চাই দিবলৈ অনুৰোধ কৰিছিলো । এই খণ্ডটো হৈছে  উপন্যাস খনৰ অন্তিম তথা অত্যন্ত গুৰুত্বপূৰ্ণ অংশ। এই খণ্ডটোতেই উল্লেখ কৰা হৈছে বজ্ৰায়ণ বৌদ্ধধৰ্ম আৰু সনাতন দৰ্শনৰ বিভিন্ন সূত্ৰ আৰু তথ্যৰ লগতে নাৰীৰ ওপৰত চলা যৌন্য আতিসহ্যৰ বিপক্ষে কিতাপখনৰ নায়ক নায়িকাৰ বিক্ষোভ আৰু প্ৰতিবাদী প্ৰদক্ষেপৰ বহিঃপ্ৰকাশ।  বিগত অক্টোবৰ মাহত কৰ্মসূত্রে জাপানত থকা সময়চোৱাত অলপ লৰালৰিকৈ উপন্যাসখনৰ এই খণ্ডটো লিখিছিলো বাবেই পৰিবাৰক মই বাক্যৰ গাঁঠনি আৰু মনৰ ভাৱখিনি লেখাৰ মাজত ঠিকভাৱে প্ৰকাশ পাইছেনে নাই এবাৰ চাই দিবলৈ কৈছিলো।শ্ৰীমতীয়ে সন্তোষেৰে মোৰ অনুৰোধ ৰক্ষা কৰিবলৈ সন্মত হোৱাত ময়ো স্বস্তিৰ নিশ্বাস পেলাইছিলোঁ।
সিদিনাখন সন্ধিয়া অফিচৰ পৰা আহি দেখিলোঁ নিজৰ মানুহজনীৰ মনটো মৰা। মুখখন ফুলি এপাচি হৈ আছে। মোৰ লগত সিদিনা একোৱেই কথা বতৰা পতা নাছিল। এনেধৰণৰ ঠেহ পেচ লগা পৰিস্থিতিত প্ৰায়েই আমাৰ দুয়োৰে সমন্বয়ৰ সাঁকো হিচাপে  বিশেষ ভূমিকা পালন কৰা একমাত্ৰ জীয়ৰী জনীক উদ্দেশ্যি শ্ৰীমতীয়ে মাথোন দেউতাৰক মুখহাত ধুই আহিব দে, খোৱা টেবুলত চাহ জলপান দিছোঁ খাই ল'বলৈ দে আৰু ৰাতিৰ সাজ বনাবলৈ কবি মোৰ গা বেয়া বুলি পৰোক্ষ উক্তিৰে কথাবোৰ কৈ শোৱনিকোঠালৈ সোমাই গৈছিল। এনেধৰণৰ পৰিস্থিতিত ৰোহঘৰলৈ পৰিণত হোৱা নিজৰেই শোৱনীকোঠাটো কিবা তাহানিৰ হাইস্কুলৰ হেডচাৰৰ অফিচৰ কুঠৰীটোৰ নিচিনা লাগে। শোৱনীকোঠালৈ সোমাই যোৱাৰ আগতেই কেনাটো ক'ত লাগিব পাৰে বুলি ৰাতিপুৱাৰে পৰা গধূলিলৈ দিনটোত হোৱা সকলোবোৰ কাম আৰু কথাবতৰা এবাৰ পৰ্য্যালোচনা কৰি লোৱা হয়। তাৰ পিছত সাম্ভাৱ্য কাৰণটোৰ সম্পৰ্কে মনত এটা স্পষ্টীকৰণ তৈয়াৰ কৰিলৈ শোৱনীকোঠাত সন্তৰ্পনে প্ৰবেশ কৰি শ্ৰীমতীৰ মনৰ ক্ষোভ বিক্ষোভ নিবাৰণ কৰিবলৈ যথা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হয়।  সেই দিনাখন পাছে শ্ৰীমতীৰ  ক্ষোভৰ সাম্ভাৱ্য কাৰণৰ একোৱেই শুংসূত্ৰ বিচাৰি উলিয়াব নোৱাৰি চাহ জলপান খাই কিছু উদ্বিগ্নতাৰে শোৱনীকোঠাত প্ৰবেশ কৰিলোঁ। চালে বেৰে কোবোৱা কথা কেইটামান স্বগতোক্তি কৰি তেওঁৰ আকৌ কি হ'ল বুলি প্ৰশ্ন কৰোতেই একো হোৱা নাই বুলি যিটোহে ভেকাহি মাৰি উত্তৰ দিছিল তেতিয়াই বুজিব পাৰিছিলো যে তেওঁৰ ক্ষোভৰ কাৰণ গুৰুত্বৰেই হ'ব। সেয়েহে কোদোবাহত হাত দি পৰিস্থিতি বেয়াৰ ফালে ঢাল নাখাওঁক বুলি মনতে পুনৰ দিনটোৰ এবাৰ সমীক্ষা কৰিব চেষ্টা কৰিলোঁ ।
খোলাখুলি কৈ কোৱাছোন তুমি  যে লিখিছা এই অচাৰা কোন? হিয়া উজাৰি ভালপোৱা দি লিখা কাল্পনিক চৰিত্ৰ এটা ইমান বাস্তৱিক হৈ প্ৰকাশ পাব পাৰেনে? বিয়া হোৱা পোন্ধৰটা বছৰ পাৰ হ'বলৈ হ'ল কাহানিওটো তুমি ইমান ৰোমান্টিক হৈ মোৰ লগত দুআষাৰ কথা পতা মোৰ মনত নপৰে।  অথচ অচাৰাৰ ৰূপ আৰু গুনৰ প্ৰশংসাত পঞ্চমুখ হৈ যিসোপা লিখিছা সেইয়া পঢ়িলেই বুজিব পাৰি নহয় জীৱনৰ প্ৰথম প্ৰেম পাহৰিবই পৰা নাই বুলি।  স্বভাৱ জনা আছেতো মোৰ। 
হঠাত শ্ৰীমতীয়ে ক্ষোভৰ বহিঃপ্ৰকাশ কৰি অবাঞ্চিত ভাৱে ঢেৰঢেৰাই বখলিয়াই যোৱা অবান্তৰ কথা কেইষাৰ শুনি শিল পৰা কপৌটোৰ দৰে থৰ লাগি ৰৈছিলোঁ। ক্ষন্তেক সময় সেইদৰে তভক মাৰি থকাৰ পাছত তেওঁৰ অন্তৰত উদ্ভৱ হোৱা ক্ষোভ আৰু অভিমানৰ ঘাই কাৰণ মোৰ স্বলিখিত "ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি" উপন্যাসখনৰ সম্পূৰ্ণ কাল্পনিক চৰিত্ৰ অচৰা নামৰ নায়িকাজনী বুলি জানিবলৈ পাই  হাঁহি ৰখাব পৰা নাছিলো। লগতে অচাৰা নামৰ ভূটীয়া ছোৱালী জনীৰ কাল্পনিক চৰিত্ৰটোৰ বাবেই ক্ষোভৰ অগ্নিত শ্ৰীমতী দপদপাই জ্বলি থকাৰ বাবে দুটা কাৰণত মনত অপাৰ আনন্দ জাগিছিল। প্ৰথমতেই শ্ৰীমতীৰ এই অনাহক ক্ষোভৰ জৰিয়তে প্ৰকাশ পোৱা মোৰ প্ৰতি তেওঁৰ অকাট্য প্ৰেম, ভালপোৱা আৰু অনুৰাগ পুনৰ ধৰা পৰাৰ বাবে মনটো পুলকিত হৈ পৰিছিল। দ্বিতীয়তে বৰ্ণনা জৰিয়তে উপন্যাসখনৰ কাল্পনিক চৰিত্ৰটোৰ লগতে কাহিনীৰাজিও সম্পূৰ্ণ বাস্তৱিক আৰু জীৱম্ত হৈ প্ৰকাশ পোৱা বুলি জানিব পাই বহুতেই সন্তুষ্টি লাভ কৰিছিলো। এইবোৰেই  হৈছে কিবাকিবি যিবোৰ এটা কবিতা, গল্প, প্ৰবন্ধ, অথবা এখন কিতাপ লিখি লাভ কৰিব পাৰি।  উপন্যাস অথৱা গল্পত নিজে সৃষ্টি কৰা কল্পনাপ্ৰসূত চৰিত্ৰ এটা অথৱা ঘটনাৰাজি পঢ়ি যেতিয়া পাঠকে সেই চৰিত্ৰ আৰু কাহিনীৰ মাজত সোমাই পৰাৰ লগতে ইতিবাচক দিশত উদ্বুদ্ধ আৰু অনুপ্ৰানিত হয় সেইয়া হৈছে এজন লেখকে লাভ কৰা কিবাকিবি । বাতৰি কাকত অথবা আলোচনী এখনত প্ৰকাশপোৱা  নিজৰ লেখা এটা পঢ়ি অসমৰ ইমুৰ সিমুৰৰ পৰা অহা বিভিন্ন পাঠকৰ অভিনন্দন জনোৱা ফোনকল বোৰেই হৈছে এজন পাঠকে লাভ কৰা অমূল্য প্ৰাপ্তি যাক টকাৰ মূল্যৰে তুলনা কৰিব পৰা নাযায়। এতিয়াও মোৰ মনত আছে "বিহংগম দৃষ্টিত মিজোৰাম" নামৰ উপন্যাসখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষণাৰ বিষয় বস্তু হিচাপ স্বীকৃতি লাভ কৰা বুলি শ্ৰদ্ধাৰ অভিজ্ঞান অনুৰাগ ডাঙৰীয়াৰ পৰা জানিবলৈ পাই মনত যি সুখ পাইছিলো তাক মই কিতাপখন বেচি কিমান টকা লাভ কৰিলো তাৰ সৈতে কাহানিও তুলনা কৰিব নোৱাৰিম।  উপন্যাস খন ইংৰাজীলৈ অনুবাদ হোৱা Nghah Loh Dawr নামৰ গ্ৰন্থখন দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত উত্তৰ পূৰ্বাঞ্চল যুৱক যুৱতীৰ বাবে ৰবীনহুড খ্যাত শ্ৰীযুত ৰবীন হিবু দেৱে উন্মোচন কৰাৰ পাছত মিজোৰামৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ জোৰাম থাংগা ডাঙৰীয়াই দিল্লীৰ মিজোৰাম ভৱনলৈ মাতি নি কৰা সম্বৰ্ধনাৰ মূল্য কিমান হ'ব পাৰে তাক মূল্যাংকন কৰাটোও অসম্ভৱ।  এইবোৰেই হৈছে এখন কিতাপ লিখি এজন লেখকে লাভ কৰা কিবাকিবি । যিবোৰ টকাৰ মূল্যৰে তুলনা কৰিব নোৱাৰি । এই অমূল্য আৰু অসাধাৰণ কিবাকিবি বোৰৰ প্ৰাপ্তি লোভত লালায়িত হৈ এজন লেখকে সাঁচতিয়া ধন ভাঙি, ধাৰধূপাৰ কৰি এখনৰ পাছত আনখন কিতাপ লিখি যায়। 

সকলোতকৈ ডাঙৰ কথাটো হৈছে এজন লেখকে এখন পঢ়িব নোপোৱা কিতাপৰ অভাৱ অনুভৱ কৰিহে এখন কিতাপ লিখে।  অ, হয় আপুনি ঠিকেই পঢ়িছে। ১৯৯৩ চনত সাহিত্যৰ বাবে ন'বেল বঁটা বিজয়ী আমেৰিকাৰ প্ৰসিদ্ধ উপন্যাসিকা টনি মৰিচনে কোৱাৰ দৰে এজন লেখকে পঢ়িব নোপোৱা কিতাপ এখনৰ বাবেহে এখন কিতাপৰ সৃষ্টি হয় ।
২০১৬ চনৰ পৰা ২০২০ চনলৈ কৰ্মসূত্রে আমাৰ চুবুৰীয়া ৰাজতান্ত্ৰিক দেশ ভূটানলৈ মই  কেবা বাৰো গৈছিলো । মোৰ সেই ভ্ৰমণকালত ভূটানৰ গৌৰৱময় ইতিহাস, ৰাজনৈতিক শাসন ব্যৱস্থা, কলা-সংস্কৃতি, ভুটীয়া সকলৰ ধাৰ্মিক আৰু সামাজিক অনুশাসনপূৰ্ণ জীৱনশৈলী দেখি অনুপ্ৰাণিত হৈছিলো।  মায়াবী দেশ ভূটানৰ বিভিন্ন ৰূপকথা আৰু কিম্বদন্তিত অলৌকিক তান্ত্ৰিক শক্তিৰে জাগ্ৰত বজ্ৰায়ণ বৌদ্ধ ধৰ্মৰ মঠ মন্দিৰ সমুহ দৰ্শন কৰি অভিভূত হৈছিলোঁ।   প্ৰাচীন ভূটানৰ ইতিহাসৰ সৈতে অসমৰ অবিদিত সম্বন্ধৰ কথা জানিব পাৰিও আচৰিত হৈছিলোঁ। পাছে অনন্য সামাজিক আৰু ধৰ্মীয় ৰীতি নীতি আৰু কলা-সংস্কৃতিৰে সমৃদ্ধ দেশ ভূটানত প্ৰচলিত এক বিশেষ যৌন পৰম্পৰাই মোৰ মন বিচলিত কৰি তুলিছিল।  ভূটীয়া নাৰীসকলৰ বাবে অভিশাপ স্বৰূপ সেই নাৰকীয় পৰম্পৰাৰ বিপক্ষে ভূটান ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰসংঘই যুটীয়াভাৱে  ইতিমধ্যেই বিশেষ ভূমিকা গ্ৰহণ কৰিছে ।  তথাপিও ভূটীয়া সমাজৰ সামাজিক ব্যাধি স্বৰূপ সেই পৰম্পৰাৰ বিৰোধিতা কৰি তথা সচেতনতা বৃদ্ধি কৰিবলৈ যথেষ্ট কৰণীয় আছে বুলি বুজিব পাৰিছিলো । তাৰেই পৰিপেক্ষিতত মই লিখি উলিয়ালো মোৰ সদ্য প্ৰকাশ পাব লগীয়া "ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি" নামৰ  ব্যতিক্ৰমী উপন্যাস এখন ।  পৰবৰ্তী সময়ত ভূটানৰ স্থানীয় জংখা ভাষালৈ অনুবাদৰ যোজা চলি থকা এই উপন্যাসখনে পাঠকৰ হৃদয়ত স্থান পাব বুলি মই আশাবাদী।  কাৰণ  এজন লেখক হিচাপে ময়ো আৰ্থিক লাভালাভৰ কথা নাভাবি অন্যান্য কিবাকিবিৰ প্ৰাপ্তিৰ আশাতহে লিখিব প্ৰয়াস কৰিছো ।

ধন্যবাদ। 

✳️ চুমিন্দ্ৰ চৌধুৰী,
সাহিত্য অভিযন্তা
নয়ডা, উত্তৰ প্ৰদেশ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)