দাদা-কুমকুম গগৈ

Rinku Rajowar
0
সময় সমুদ্ৰৰ দুখৰ বিশাল ঢৌৱে
উটুৱাই নিব খুজিছিল মোৰ সুখৰ সপোন।
নীঃ সংগ জীৱনটোত যেন
সকলো থাকিও একো নাছিল,
নিজৰ বুকুত নিজে সাঁজিছিলও 
মৰম মৃতদেহৰ চিতা।
 বাৰে বাৰে নিজৰ বিবেকে সঁকীয়াইছিল,
"তুমি ভূল কৰিছা !"
    কিন্তু আৱেগে কৈছিল,
"পাৰিবা জানো তুমি সহিবলৈ
নি সংগতাৰ নিষ্ঠুৰ বোজা!"
দুধুৰ মুধোৰত মোৰ মন গধুৰ।
ভাবিছিলোঁ, কোনো নাই নেকি,
যিজনে মোৰ বাবে আনি দিব পাৰিব
এটি সোণোৱালী বাৰ্তা।
হয়তো নায়েই।
কিন্তু... মোৰ ভাৱনাক মিছা বুলি প্ৰমাণ কৰি ,
দুখৰ মাজতো সুখৰ সন্ধান দিবলৈকে
 কাষলৈ আহিছিল এজন দেৱদূত !
আৰু কৈছিল, 
"তুমি আৰু আকলশৰীয়া নহয়"
মোৰ পৃথিৱীখনত মোৰ স'তে খোজ দিবলৈ
মই সহিব নোৱাৰা বুজাবোৰ কঢ়িয়াবলৈ,
এজন দেৱদূত আহিছিল মোৰ কাষলৈ
দুখবোৰ পাহৰি, সুখবোৰ বুকুত বান্ধি লৈ
গুণগুণাই গাবলৈ শিকালে জীৱনৰ গান।
দুহাতত ধৰি জীৱন বাটত আগুৱাই গৈ
নানা ৰঙী স্বপ্নাৰাজ্যৰ সৌন্দৰ্য্যক
হৃদয়েৰে উপভোগ কৰিবলৈ শিকোৱা,
দাদা মোৰ প্ৰাণৰো আপোন।।



▪️কুমকুম গগৈ
শিৱসাগৰ, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)