অসমৰ জোৱান আব্দুল এজন বৰ সাহসী দেশপ্ৰেমিক আছিল। মাতৃভূমি ৰক্ষাৰ স্বাৰ্থত তেওঁ ঘৰত বৃদ্ধা আই আৰু পত্নী জোনমণিক এৰি পাহাৰৰ উচ্চ শিখৰত জুপুৰি ঘৰ সাঁজি থাকিব লগা হ'ল। হঠাৎ হেড কোৱাৰ্টাৰৰ পৰা তেওঁলৈ ফোন আহিল যুদ্ধক্ষেত্ৰৰ চাৰিওফালে শত্ৰুপক্ষই আক্ৰমণ কৰিছে আৰু শত্ৰুৰ গুলিত কেইজনমান বীৰ যোদ্ধাই মৃত্যুবৰণ কৰিলে।
বীৰ যোদ্ধা কেইজনৰ মৃত্যুৰ খবৰ শুনি আব্দুলে মৰমৰ আই আৰু পত্নীক সম্বোধন কৰি পাহাৰৰ উচ্চ শিখৰৰ পৰা এখন চিঠি লিখিলে,জোনমণি মই যদি যুদ্ধক্ষেত্ৰত গৈ কেনেবাকৈ শত্ৰুৰ হাতত মৃত্যুক আকোৱালি লওঁ, তুমি মোৰ বৃদ্ধা আইজনীক এৰি দ্বিতীয়খন বিবাহপাশত আৱদ্ধ নহ'বা। আৰু মোৰ মাক কেতিয়াও দুখ-কষ্ট অনুভৱ কৰিবলৈ নিদিবা গোটেই জীৱন সুখ-শান্তি আৰু হাঁহি- ফূৰ্তিৰ মাজত বান্ধি ৰাখিবা। এয়া তোমালৈ মোৰ শেষ মিনতি।
যুদ্ধ ক্ষেত্ৰত গৈ বীৰ যোদ্ধা আব্দুলৰ মৃত্যুবৰণ হ'ল। তেওঁৰ মৃত্যুৰ খবৰ শুনি ঘৰৰ লগতে গোটেই গাঁও খনত বাজি উঠিল কান্দোনৰ ৰোল। অৱশেষত,শ্বহীদ জোৱানৰ মৃত দেহটো ঘৰ আহি পালে।তেওঁৰ পত্নী জোনমণিয়ে তেওঁক বগা কাপোৰৰ ভিতৰত মেৰিয়াই থকা দেখি চিঠিখন হাতত লৈ চিঞৰি চিঞৰি কান্ধি কলে,"হে প্ৰাণৰ পতি,তুমি মোক অকলশৰীয়া কৰি কিয় এৰি অচিন দেশলৈ গুচি গ'লা? মোক কিয় লগৰ সংগী কৰি লৈ যোৱা নাই সেই দেশখনলৈ। তুমি অবিহনে মোৰ জীৱনৰ প্ৰতিটো বাট অন্ধকাৰ।" তেতিয়া মাক ঘৰৰ পৰা উলাই আহি বীৰ যোদ্ধা আব্দুলৰ মুখখনিক কান্দি কান্দি চকুলো টুকি চুমা এটা দি কলে , "হে মোৰ চকুৰমণি তোমাৰ মৃত্যুৰ সময়ত মই গম পাইছিলোঁ কোনোবাই মোৰ বুকুখনত চোৰিৰে কোবাই চূৰ্ণ-বিচূৰ্ণ কৰি থৈ গ'ল তেতিয়া মই গম পালোঁ তোমাৰ কিবা এটা হ'ল বুলি। অলপ সময় পিছত খবৰ পালোঁ তুমি আৰু আমাৰ মাজত নাই! শেষ নিশ্বাস ত্যাগ কৰি পাৰ্থিৱ জগতৰ পৰা লৈছা চিৰবিদায়।মানুহ মৰণশীল! এদিন আমি সকলোৱে মৃত্যুৰ যন্ত্ৰনাক আকোঁৱালি ল'ব লাগিব ।এয়াই চিৰন্তন সত্য।
অৱশেষত , মাক আৰু আব্দুলৰ পত্নী জোনমণিয়ে কান্দি কান্দি দুখৰ চকুলোৰে বগা কাপোৰখন তিয়াই তেওঁক দিলে অন্তিম বিদায়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ