জুবিন দাৰ আজি ওপজা দিন- নৱজিৎ নাথ

©Admin
0
শ্যামলী সেউজী অসমীৰ 
শীতল বুকুলৈ আহিছিল 
এটি জোনাক।
ফুল হৈ উজ্বলি উঠিছিল 
বিশ্বায়নৰ প্ৰতিজন মানুহৰ হৃদয়ত।।

আপোনাৰ অমীয়া সুৰৰ সুবাসে 
জগত জিলিকাই তুলিল,
প্ৰকৃতিৰ প্ৰতিটো বস্তুৱে 
আপোনাৰ যাদুকৰী কণ্ঠত 
প্ৰাণ পাই উঠিল।।

আপোনাৰ সুৰৰ ঝংকাৰত সকলো 
অসমীয়াৰ চিনাকি,
চৌদিশে কেৱল জুবিন দেশৰ 
অসমীয়াৰ গৌৰৱ মাথোঁ।।

জুবিন দা আজি আপোনাৰ জন্ম দিন , 
আপোনাক দিবলৈ যে আমাৰ হাতত একো নাই,, 
আছে মাথোঁ অলেখ মৰম আৰু শুভ কামনা।। আপোনাৰ জীৱনটো মধুৰ  
হওঁক, সু-স্বাস্থ্য আৰু সুদীৰ্ঘ জীৱনৰ 
কামনাৰে লিখিলোঁ এটি অৰ্থবিহীন কবিতা।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)