হেৰাই গ'ল ভাষা, ৰৈ গ'ল আশা-ৰঞ্জু গায়ন বৰুৱা

0
হ'য়, ভাষাবোৰ হেৰাই গ'ল
আশাবোৰো ৰৈ গ'ল ।
ভাবিছিলোঁ সুন্দৰ শব্দৰ ছন্দ মিলাই কবিতা লিখাৰ কথা
কবিতাৰ কোমলতাৰে
মনৰ ভাব প্ৰকাশ কৰা কথা
এতিয়া চৌদিশে মাথোন
দুৰ্দিনৰ কোলাহল
কেৱল হাই- কাজিয়া আৰু মিছা অপবাদ
হৃদয়ৰ মজিয়াত অহংকাৰৰ খেলা, 
স্নেহৰ আকুলতাতো হিচাপ নিকাচ
কবিতাৰ ছন্দবোৰো নিমিলা অংক
কাহানিও নুশুনা কথাবোৰ, বাক্যবোৰ
আজি সাৰথি হৈ ৰ'ল
কবিতা বলীয়া ভাষাৰ আশাবোৰ যেন ক'ৰবাত হেৰাই গ'ল
হ'য়, ভাষাবোৰ হেৰাই গ'ল
আশাবোৰো ৰৈ গ'ল ।

▪️ৰঞ্জু গায়ন বৰুৱা
নামৰূপ , 
ফোন নং - ৯৯৫৪১২৬৩৪৬

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)