প্ৰণয়ৰ শব্দ উপহাৰ দিবলৈ
ভয় নকৰিবা,
উচপিচ কৰিলে পাৰ হ'ব সময়
বোকাৰ মাজত ফুলে পদুম
ভাল পাওঁ বুলি ক'লে
হৃদয় চুঁই যাব সেই প্ৰেমিকৰ
লাজ লাজ কৈ পাতিবা মনৰ কথা
ওৰণি লবলৈ কিমান সময় বাকী
ক'বানে তেতিয়া ?
চেনেহীৰ বিয়াত কি উপহাৰ দিম
সাদৰী আইয়ে তাঁতৰ শালত বৈ থোৱা
মূগাৰ কাপোৰ যোৰাকে
মৰমৰ স্মৃতি হিচাবে যাঁচিম তোমাক ।
স্বৰ্ণলেখা
বেণীগোঠা চুলিটাৰি
ৰৈ ৰৈ চাইছিলোঁ এদিন
জোনাক বলীয়া মন হেৰুৱালোঁ সেইদিনা
বেদনাবোৰ ডাঠ হৈ বুকুতে থাকিল ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ