বৃদ্ধত ভৰি দিয়ে।
জীৱনত পোৱা-নোপোৱা বেদনাই
আৱৰি ৰখা সেই বৃদ্ধ মুখখন,
সন্তান থাকিও আজি নথকাৰ দৰে
দিশহাৰা হৈ পাৰ কৰিছে বৃদ্ধাশ্ৰমত ।
বৃদ্ধৰ জীৱন কেঁকো - জেঁকো খোজেৰে
ফুৰে মুকুলি আকাশৰ তলত মুকুলি বতাহ লয়।
সন্তানক লৈ দেখা সপোনবোৰে আজি
বৃদ্ধা পিতৃ-মাতৃৰ মন কোঙা কৰি তুলে।
নিজেই নাখাই সন্তানক খোৱাই আজি কি দশা ! সেই বৃদ্ধা পিতৃ-মাতৃৰ
আজিৰ সন্তানে নিচিনে নিজৰ
পিতৃ- মাতৃক বৃদ্ধা হ'লে ভাৱে যে - আমাৰ বুজা বাঢ়িল , এতিয়া মাত্ৰ বৃদ্ধাশ্ৰমৰহে প্ৰয়োজন ।
হৃদয়শোকত চকুলোৰে উৰে জীৱন কটাই বৃদ্ধাশ্ৰমত।
বৃদ্ধাৰ বয়সত আপোন ঘৰ হয় বৃদ্ধাশ্ৰম।।
🅾️শ্ৰী মিন্টু গোৱলা লখিমপুৰ কদম।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ