ফখৰুদ্দিন আলি আহমেদৰ কবিতা-সৰা ফুলৰ মায়া

Rinku Rajowar
0
তোক পেলাই থৈ আহিলোঁ,
কোনোবা ডাষ্টবিনত,
ৰাস্তাৰ কাষত, 
গলি পচি যাব তোৰ 
হেতা পৰা ক্ষুদ্ৰ দেহাটি,
কোনো এটা আৱৰ্জনাৰ দমত।
তোৰ গোন্ধই হেনো কলুষিত কৰিব
তাৰ জীৱন নামৰ বতাহজাকক, 
আচলতে সি ভয় কৰিছিল,
তোৰ বাহ্যিক অবয়বক। 
মই নিৰুপায় ! 
মই যে অসহায় !
মই হাৰ মানিছিলোঁ,
তাৰ লগত হোৱা জীৱন যুঁজত;
মানি ল'ব লগা হৈছিল সকলো চৰ্ত
সন্ধি পাঙি তাৰ লগত। 
তই নিষ্পাপ, 
তই হেনো নিষিদ্ধ, 
নিষিদ্ধ হেনো তোৰ আগমন, 
সভ্যতাৰ মূখাধাৰী অসভ্য সমাজত
নচলে যে তোৰ বিচৰণ। 
'টকা' নামৰ কাগজৰ খেলাত
মুচা খায় সিহঁতৰ ভুল, 
সেয়ে তোৰ অস্তিত্বক দলিয়াই দিলে
ভাৱি সৰা ফুল। 

🅾️ফখৰুদ্দিন আলি আহমেদ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)