বসন্ত ওজাৰ কবিতাঃ-সতী জয়াৰ সতীত্ব

Rinku Rajowar
0
অসম আৰু অসমীয়াৰ
জাতীয় চেতনাবোধ
      জাগ্ৰত কৰিছিল আহোম ৰজাই ।
তাৰেই গইনা লৈ
বিষ্ণু ৰাভাই লিখিলে গীত
        জয়া নাই জয়া নাই ।।
ল'ৰা ৰজাৰ শাসন কালত
মন্ত্ৰী লালুকসোলাই
     চাওদাঙক শুনালে কঠোৰ বচন।
ৰজা হ'ব পৰা
সুঠাম সুন্দৰ কোৱঁৰক
      অঙ্গক্ষত কৰি দে নিৰ্বাসন।।
তুংখুঙীয়া ফৈদৰ কোঁৱৰ
সতী জয়াৰ স্বামী
     বল বীৰ্য্য শৌয্যৰ গদাপানি।
অঙ্গক্ষত কৰিবলৈ
কৰিলে কত মন্ত্ৰণা
      তৰ্জনী মধ্যমা আঙুলি গণি ।।
মন্ত্ৰী লালুক সোলাৰ
এনুৱা মন্ত্ৰণা জানি
      পতিব্ৰতা সতী জয়া আই ।
যোগাত্মক মানসিকতা লৈ
ঘুণীয়া কৰিব নোৱাৰাকৈ
      নগাপাহাৰলৈ দিলে পঠিয়াই ।।
গোপনে থকা গদাপাণিৰ
গমগতি ল'বলৈ সতী
   জয়মতীক হাউলিৰ পৰা আনিলে ধৰাই ।
জেৰেঙা পথাৰৰ মাজত
কোতকোৰা গছত বান্ধি
      চাওদাঙে চমতাৰে কোবাই ।।
অকল সেয়ে নহয়
দেহত ঢালিলে তপত তেল
      আৰু দিলে চোৰাত মেলি ।
দেশ আৰু দহৰ হকে
যমৰ যাতনা ভুগীও কয়
      মোৰ স্বামী ক'ত আছে নাজানো বুলি ।।
নগাৰ দেশৰ পৰা
নগাৰ বেশত আহিল গদাপাণি
      একোলৈকে নকৰি ভয় ।
শুন হেৰ’ অভাগিনী
ক'ত আছে তোৰ প্ৰাণ স্বামী
      কৈ নিদিয়নো কিয় তই ??
ছদ্মবেশী প্ৰিয়তমক
হঠাতে চিনি পাই
      শেহাই শেহাই দিলে সমিধান।
য'ৰ পৰা যেনেকৈ
আহিছ মোৰ কাষলৈ
       তেনেকৈ উলটি বচা তোৰ প্ৰাণ ।।
মনৰ মাজত এসাগৰ
দুখৰ বোজা সাৱতি লৈ
      গদাপানি উলতি গ'ল।
কলিজাৰ তপত তেজেৰে
দেশ জাতিৰ প্ৰেমিকা হৈ
        ইতিহাসৰ গৰাকী হ'ল।।
        

▪️বসন্ত ওজা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)