প্ৰয়োজন-আব্দুল কাদেৰ মিঞা

©Admin
0
প্ৰিয় মানুহেৰে ভৰপূৰ পৃথিৱী,
প্ৰিয়জনৰ অভাৱ নাই!
দিনৰ শেষত প্ৰয়োজন নাভাবি
কিমান জনে মোক মনত পেলায় !
মোবাইল ফোনটো যেতিয়া বাজি উঠে,
একো নভৱাকৈ অনুভৱ কৰোঁ
প্ৰয়োজনত কোনোবায় সুৰে সুৰে মাতি আছে!
বুজিব পলম হ'লেও 
সময়ে শিকাই আছে! 
অপ্ৰয়োজনত কোনেও মাত নিদিয়ে।
প্ৰয়োজনৰ জগতৰ উজ্জ্বল নক্ষত্ৰ মই
প্ৰয়োজন শেষ হোৱাৰ পিছত 
কোনো কাষত নাথাকে ।
পৃথিৱীৰ ওচৰত মোৰ প্ৰয়োজনবোৰ 
কল্পনাতে আবদ্ধ হৈ ৰ'ল!
মই যেন প্ৰয়োজনৰ যন্ত্ৰ 
বেলেগৰ প্ৰয়োজন পূৰ্ণ কৰাটো মোৰ কৰ্ম।
এবাৰো কোনেও প্ৰশ্ন নকৰে
মোৰ প্ৰয়োজন কি!
তোমালোকৰ প্ৰয়োজন শেষ হ'লে
এবাৰ উভতি দেখিবা!
অতল একাকিত্বৰ মাজত শ্ৰেষ্ঠ অভিনেতা হৈ বহি আছোঁ
যাৰ নাই কোনো নিজস্ব ঠিকনা।

            
              ✍️আব্দুল কাদেৰ মিঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)