এফালৰ পৰা বখলা বখলে খহাই
মজবুত ভেঁটি
ভৰপুৰ বাৰী
শুৱনী গাওঁ
সগৰ্ভা পথাৰ
ডুবাই থয় নদীত
খহনীয়া মানেই
ৰুষ্ট প্ৰকৃতি নিয়তি আৰু অদৃষ্টৰ
গোপন মিতিৰালি।
খহনীয়া মানেই দানৱ
পাৰৰ মথাউৰি
বহল পথাৰ
সৰু জান জুৰি
কাঠনি বাহঁনি
গোটেইখন গিলি আগুৱাই আহে ঘৰলৈ
ধাহি-মুহি এৰুৱাই খাই
এখন এখন পৰিপূৰ্ণ ঘৰ
শুৱনী গাওঁ বা নগৰ।
খহনীয়া মুখেৰে খাই
নৈবোৰ শকত হয়
গা বহল বিশাল
কিন্তু নৈৰ মন
অকোৱা পকোৱা
জটিল বিশ্বাসহীন আৰু বাম হয়।
ৰাইজৰ মাটি ভেঁটি ভৰাঁল গ্ৰাস কৰি
নৈৰ বুকু দয়া-মায়াহীন বালিৰে
পূৰ হয়।
খহনীয়া বনজুইৰ দৰে বিয়পে,
পাতে মৰিশালি
পুৰি চাৰখাৰ কৰে
মানুহবোৰৰ পেটৰ ভোক
জীৱিকাৰ পথ
দুচকুৰ সপোন
ভৱিষ্যতৰ ভঁৰাল
ল’ৰা তিৰোতাৰ মুখৰ হাঁহি আৰু
উৎসৱৰ বাবে আওঁৰাই থকা গীতৰ কলি।
গাওঁবোৰ
নামহীন
প্ৰানহীন হয়,
মানুহবোৰৰ ঠিকনা হেৰাই,
ল’ৰাছোৱালীৰ সোনালী শৈশৱ
গাভৰুৰ লজ্জা আৰু যৌৱন
তিৰিবোৰৰ ঘৰখন ধৰি ৰখাৰ দৃঢ়তা হেৰায়।
ভোকৰ যন্ত্ৰণা
হিতাহিত জ্ঞানহীন ধুমুহা হৈ বয়
পাহোৱাল ডেকা আৰু পাহাৰহেন পুৰুষবোৰো
খোপনি হেৰুৱাই উৰি যায়
ঘাম আৰু তেজৰ দাম
পানীহেন হয়।
খহনীয়া এক ডাঙৰ সমস্যা
জীৱন মৰণৰ সমস্যা;
খহনীয়া আপোনাৰ সমাজতো হয়
ৰজাৰ ঘৰৰ খহনীয়া
প্ৰজাৰ ঘৰৰ খহনীয়া
খহনীয়া য’তেই নহওক
ই বৰ বেদনা দায়ক
ই মানুহৰ ভূত ভৱিষ্যতৰ লগতে
মূল্যবোধৰ ভেটি খহায় ।
(তাতকৈ ডিঙিলৈকে ডুবা বানেই ভাল)
সেয়ে খহনীয়াত পৰা মানুহ বৰ অসহায়৷।
কবি— অনিৰ্বাণ দত্ত ৷
হাৱাজান উচ্চতৰ
মাধ্যমিক বিদ্যালয়৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ