প্ৰেমৰ অৰ্থনীতি-অভিলাষ বৰা

©Admin
0
আদাম স্মিথৰ পৰা জে . এম কেইন্সলৈ 
দাদাভাই নৌৰজীৰ পৰা অৰ্মত্য সেনলৈকে, 
সকলো তত্ত্ব মই পঢ়ি শেষ কৰিলোঁ 
তথাপিতো বুজি নাপালো মই 
তোমাৰ হৃদয়ৰ অৰ্থনীতি । 

তোমাৰ প্ৰেমৰ ৰাজ্যত 
কৰিছানে আমদানি-ৰপ্তানি মৰমৰ?
নে প্ৰাক বিশ্বায়নৰ যুগৰ দৰে 
নিজকে ৰুদ্ধ কৰি ৰাখিছা !

তোমাৰ অভাৱে মোৰ জীৱনত  
ৰাজকোষীয় ঘাটিৰ সৃষ্টি কৰিছে, 
দিনক - দিনে মই ভিক্ষাৰী হৈ পৰিছো মালবিকা !
দিবানে মোক ঋণ? 
মৰম আৰু ভালপোৱা, 
নহ'লে মোৰ জীৱনত সৃষ্টি হ'ব প্ৰেমৰ মহামন্দা। 

তুমি মোৰ হৃদয়ত 
জনমূৰি আয় বঢ়াদি বাঢ়িব ধৰিছা, 
কিন্তু মোৰ মনৰ গোপন কথাবোৰ 
এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলতেই আছে। 
কেতিয়া বৃদ্ধি পাব মালবিকা ? 
তোমাৰ প্ৰেমৰ চহৰত 
মোৰ নামৰ চাহিদা !

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)