দিপশিখা ৰাজকোঁৱৰৰ কবিতা- তুমি মাথোঁ বেদনাৰ স্মৃতি

Rinku Rajowar
0
শৈশৱৰ পৰা আজি পৰ্যন্ত
তোমাৰ অবিহনে কেনেকৈ
জীৱন নদীৰ সোঁতত সাতুৰি
পাৰ হৈ আহিছোঁ সেয়া জানো
তুমি বুজিবা দেউতা....
অকলশৰীয়া পৰত তোমাৰ কথা
ভাবি ভাবি আৱেগিক হৈ পৰো।
সকলো কাষত থাকিলেও
তোমাৰ উপস্থিতি অনুভৱ কৰোঁ
মোৰো মন যায় সফলতাত
তোমাৰ আশীষ ল'বলৈ
দুখত তোমাৰ হাতৰ পৰশত
উচুপি উচুপি মৰম পাবলৈ।
তোমাৰ লগত অভিমান কৰিবলৈও
তুমি মোৰ কাষত নাই
তোমাৰ কণমানি অভিমানী জনী
আজি ডাঙৰ হ'ল যদিও
তোমাৰ স্মৃতি  সুঁৱৰি প্ৰতি পলে
ভাগৰি পৰে দুৰ্বল ভাৱে।
মন যায় কেতিয়াবা অচিনাকী
চৰাইজাকৰ দৰে তোমাৰ কাষলৈ
উৰি যাবলৈ...
পায় হেৰুৱাৰ মৰম পাবলৈ
 পুনৰ তোমাৰ আলসত ডাঙৰ হ'বলৈ
কিমানযে মন যায় জানা
সকলো ক্ষেত্ৰতে সাহসী হ'লেও
তোমাৰ কথা মনত পৰিলে
নিজকে বুজাব নোৱাৰা হৈ যাও
তুমি মাথোঁ বেদনাৰ স্মৃতি।


▪️দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)