আমি হ'লো পৰিস্থিতিৰ দাস-সীমা দাস

Rinku Rajowar
0
মণিয়ে হঠাতে মাকক এনেকোৱা এটা প্ৰশ্ন সুধিব বুলি তেঁও কল্পনাই কৰিব পৰা নাছিল । কিয়নো মণি হৈছে এগৰাকী কনমাণি ছোৱালী । তাই সপ্তম মান শ্ৰেণীত পঢ়ি আছে। সপ্তম মান শ্ৰেণীত পঢ়ি থকা  ছোৱালী এগৰাকীৰ  পৰা তেনেকুৱা এটা প্ৰশ্ন সম্ভৱপৰ নহয়।

  মণিয়ে যেন কিবা এটা ভাবি ভাবি বিচনাখনত শুই আছে । তাইৰ মাকে কাম-বন কৰি আজৰি হৈ অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ " নাহৰৰ নিৰিবিলি ছাঁ " উপন্যাস খন পঢ়িবলৈ টেবুলত বহিছে ।  অলপ সময়ৰ পাছত মণি আহি মাকৰ ওচৰ পালেহি আৰু ক'লে - " মা , মই তোমাক এটা কথা সুধিম , তুমি তাৰ উত্তৰটো ক'বাচোন। মাকে ক'লে - “ মণি , তুমি তোমাৰ প্ৰশ্নটো সুধিব পাৰা। যদি মই পাৰো তেন্তে তোমাক নিশ্চয় ক’ম। ”

মণিয়ে ক'বলৈ আৰম্ভ কৰিলে - " কিছুমান মানুহে কয় যে , ল'ৰা-ছোৱালীবোৰ সৰু হৈ থাকোতে ভালেই হৈ থাকে কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে বেয়া হৈ যায় । " মা মইও ডাঙৰ হৈ বেয়া হৈ যাম নেকি ? মা, মই কি ভাবো জানা -- যেতিয়া ল'ৰা-ছোৱালীবোৰ সৰু হৈ থাকে তেতিয়া সিঁহতে মাক-দেউতাকৰ লগত থাকে। সিঁহতৰ বিদ্যালয়সমূহ ঘৰৰ ওচৰতে থাকে । তেওঁলোকে সময়ো পায় সকলোকে মাত-বোল কৰিবলৈ , খেল-ধেমালী খেলিবলৈ ...কিন্তু যেতিয়া ল'ৰা-ছোৱালীবোৰ ডাঙৰ হৈ যায় - তেতিয়া সিঁহতে  মহাবিদ্যালয়ত নাম লগাবলগীয়া হয়, ঘৰৰ পৰা মহাবিদ্যালয়সমূহ বহুত আঁতৰত থাকে  সেইবাবে সিঁহতে ভাড়াঘৰত থাকিব লগা হয় ।পঢ়াৰ প্ৰকোপ বেছি হোৱাৰ বাবে সিঁহতে খেল-ধেমালি তথা বিভিন্ন ধৰণৰ কামবোৰ কৰিবলৈ সময় নাপায়। কিন্তু মানুহবোৰে কিয় বুজি নাপায়  , তেওঁলোকক কেৱল এটা সুবিধাহে লাগে মানুহক কষ্ট দিবলৈ।

মণিয়ে কথাবোৰ অৰ্নগল ভাৱে কৈ গৈছিল - মাকে তাইৰ কথাবোৰ শুনি বিস্ময় মানিলে আৰু তাইক ক'লে ---" মাজনী, সময় আৰু পৰিস্থিতিয়ে মানুহক সলনি হ'বলৈ বাধ্য কৰে ।"



                            🅾️সীমা দাস।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)