শৰতৰ ৰাতি অতি বিতোপন-পাপু শইকীয়া

Rinku Rajowar
0
অ' গোসাঁই কলিয়া,
কি সুৰ বজালা,
কি সুৰ বজালা,
মথুৰাৰ গোপ-গোপী মতলীয়া।

অ' কানাই গৰখীয়া, 
কি যাদু কৰিলা,
কি যাদু কৰিলা, 
বৃন্দাবন কৰিলা বিনন্দীয়া। 

অ' প্ৰভু শ্যাম বৰণীয়া, 
কি মায়া কৰিলা, 
কি মায়া কৰিলা, 
শৰতৰ ৰাতি হ'ল মোহনীয়া। 

বাঁহীৰ সুৰে নাচে, 
শাৰদীয় জোনাকে, 
শেৱালিৰ আমোলমোলত 
কঁহুৱাবোৰে হালে- জালে। 
জোনাকী পৰুৱাই সুহুৰি বজায়। 

অ' জগতৰ গোসাঁই, 
সংগে ৰাধা - মাই। 
যত গোপী নাচে, 
তত কৃষ্ণ কাষে। 
সৱাকে মোহিলা মুৰুলী বজাই। 

▪️পাপু শইকীয়া 
 চিনাতলী (গোলাঘাট) 
     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)