সোণোৱালী দিন যদি আহে-মাৰ্জিনা বেগম

Rinku Rajowar
0
সপোনবোৰ তোমাৰ
সেউজীয়া পাতত হালে 
বতাহত কঁপে ঈষৎ ওঁঠৰ হাঁহি, 
জানিব খুজিছা  
ভাল পাওঁ কিমান খিনি ?

সপোনেৰে সপোন সজাই  
নীলা আকাশৰ নিলীমাত, 
তোমাৰ  কথাই ভাৱিছো মাথোঁ 
ক'ব নোৱাৰি ফুটাই ।

বাট চাই ৰোৱা তুমি 
মোৰ প্ৰতীক্ষাত 
আহিছোঁ মই সাদৰী 
 জ্বলাই এগচি  প্ৰেমৰ বন্তি    ।

সোণোৱালী দিন যদি আহে 
সোন সৰা ৰ'দৰ পিঠিত 
সুখৰ বীণাত ঝংকাৰ তুলিম 
দুয়ো হৃদয়ত ধ্যান  কৰি  ।

                ✍️মাৰ্জিনা বেগম ।
                      বৰপেটা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)