তোমাৰ বাবে উৎসর্গিত মোৰ সকলো-ছফিক্ উজ জামান

0
অনুভৱ কৰোঁ মোক 
নাঙলত যুতি দিয়া গৰুহালত
যদিও পৰিশ্ৰমৰ হেঁচাত পৰিশ্ৰান্ত
নিৰলস আগুৱাই যাওঁ তোমাৰ বাবেই অক্লান্ত 

উকিমাৰি চালোঁ তোমাৰ দুচকুত 
পালোঁ দেখা
মেঘে ওন্দোলাই থকা
শাওণৰ নিশাৰ কজলা আকাশ

সেউজীয়া শইচৰ পথাৰ 
বৰ্ণালী জুৰি আৰু নীলা পাহাৰ
পাৰি দি সাগৰ-মহাসাগৰ
পাৰোমানে কৰিছোঁ প্ৰয়াস 
মোৰ সপোনৰ চিকিমিকি তৰাবোৰ
বুটলি আনি এটি এটিকৈ 
তোমাৰ আকাশত থাপিবলৈ

মই ত্ৰুটি কৰা নাই 
অবিশ্বাস হ'লে ল'বা চাই
ডুবন্ত বেলিয়ে আঘোণৰ পথাৰত
আঁকি যোৱা মোৰ ঘামৰ গ্রাফডালত

📝ছফিক্ উজ জামান(দুলাল)
গোসাঁইডুবি
গোৱালপাৰা (অসম) 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)