অপেক্ষা-অম্লান বড়া

Rinku Rajowar
0
বুজি নাপাব কোনো দিনে , 
ওহো আপুনি কোনো দিনে বুজি নাপাব !
আপোন জনক হেৰুওৱাৰ বেদনা কিমান ?
আপুনি হয়তো নুবুজিব বিচ্ছেদৰ বিষাদ কিমান ?
হয়তো আপুনি নাজানিব কাৰোবাক হেৰুওৱাৰ যন্ত্ৰণা কিমান ?
গধুলি তিনিআলিৰ আড্ডাত আপোন পাহৰা হৈ পৰো
চিগাৰেটৰ ধোঁৱাত নিজকে বিলীন কৰি পেলাওঁ
তথাপিও কোনোবাখিনিত আপোনাৰ স্মৃতিয়ে
মনটো একেবাৰে সেমেকা কৰি থৈ যায় । 

প্ৰতিটো বস্তুৱে আপোনাৰ প্ৰতিচ্ছবি দাঙি ধৰে মোৰ আগত
আপোনাক স্পৰ্শ কৰিবলৈ ল'লেই  হঠাৎ ক'ৰবাত হেৰাই যায়
আপোনাৰ লগত সম্পৰ্ক নাই বুলি জানিও
দিনটোত বহুত বাৰ আপোনাৰ প্ৰফাইলটো চাও‍ঁ‍‍‍‌
কিজানিবা আপোনাৰ ষ্টৰিত নিজক বিচাৰিয়ে পাওঁ !
মই জানো এইয়া মোৰ অলীক ভাৱনা
তথাপিও মোৰ মনটোয়ে একেবাৰে নামানে ।

আপুনি যে কৈছিল ,
মোৰ সেই হাঁহিটোয়ে আপোনাক মোৰ প্ৰেমত পেলাইছিল বুলি
আজি সেই হাঁহিটোক মই ক'ৰবাত হেৰুৱাই পেলাইছো
এতিয়া মাথোঁ আপোন হৈ পৰিছে
দহ টকাৰ সেই চিগাৰেটটো 
অমাৱস্যাৰ সেই আন্ধাৰ বোৰ ।

এতিয়া আপুনিবিহীন জীৱনটোক লৈ ব্যস্ত হ'ব শিকিছোঁ
মোৰ বুকুত আজীৱন প্ৰিয় হৈ ৰ'ব আপুনি
আপুনি সদায় থাকিব মোৰ ভাঙি যোৱা হৃদয়খনৰ ৰাণী হিচাপে
ঘূৰি নাহে আপুনি কাহানিও !
মই জানো , 
তথাপিও অপেক্ষা কৰিম ।


🅾️অম্লান বড়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)