ত্যাগৰ আন এটা নাম সুখ -সীমা দাস

Rinku Rajowar
0
ৰাতিপুৱাবলৈ অলপ সময় বাকী আছে । ধুনুৱে শোৱাৰ পৰা উঠিলে । মুখ-হাত ধুই পাকঘৰলৈ গ'ল,ঠাণ্ডা পানী অলপ খাই , বেগত ঠাণ্ডা পানীৰ বটল এটা ভৰাই, পিন্ধি থকা কাপোৰ যোৰ সলাই,দৌৰিবলৈ যোৱা কাপোৰ পিন্ধি ওচৰতে থকা খেলপথাৰ খনলৈ গ'ল। প্ৰায় ২ ঘণ্টা মান সময় প্ৰেকট্ৰিছ কৰি আকৌ ঘৰলৈ উভতি আহে।

ধুনুৰ এটা সপোন আছে ----- এজন ভাল আৰক্ষী বিষয়া হোৱা।সেইকাৰণে সি বহুত কষ্ট কৰিছে। এই সপোনটো বাছি লোৱাৰ এটা বিশেষ উদ্দেশ্য আছিল----- সি যাতে সমাজত চলি থকা সকলো অন্যায়ক হত্যা কৰি ন্যায়ক প্ৰতিষ্ঠা কৰিব পাৰে,আৰু সকলো মানুহক নি:স্বাৰ্থভাৱে সহায় কৰিব পাৰে। 

ধুনুৱে বৰ্তমান একাদশ শ্ৰেণীত পঢ়ি আছে । আৰু এটা বছৰ সম্পূৰ্ণ কৰিলে সি তাৰ সপোনক বাস্তৱত পৰিণত কৰিব পাৰিব। ধুনু পঢ়া-শুনাত বহুত ভাল । ধুনুৰ এজনী মৰমলগা ভণ্টি আছে । তাইৰ নাম চুমন। তাই এইবাৰ নৱম শ্ৰেণীত পঢ়ি আছে। তাই পঢ়া-শুনাত ধুনুতকৈ বেছি ভাল। তাইৰ সপোন আকৌ এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ । চুমনে তাইৰ এই সপোনটো পূৰণ কৰিবলৈ মনে প্ৰাণে চেষ্টা কৰিছে।

দেউতাকে সিঁহত দুয়োটাক বহুত মৰম কৰে । দেউতাকৰ মতে ল'ৰা- ছোৱালী যিয়েই নহওক কিয় কোনো কথা নাই, মুঠৰ ওপৰত সকলোৱে নিজৰ ভৰিত নিজে থিয় দিব লাগে। ধুনুৱে একাদশ শ্ৰেণীৰ পৰীক্ষা আৰু চুমনে নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা দিলে।কেইদিনমানৰ পাছত পৰীক্ষাৰ ফলাফল ওলাল। ধুনুৱে ৩ টা বিষয়ত আৰু চুমনে ৪ টা বিষয়ত লেটাৰসহ প্ৰথম স্থানত উত্তীৰ্ণ হৈছে। সেইদিনা সিহতৰ ঘৰত আনন্দৰ সীমা নাই। ওচৰ - চুবুৰীয়া     সকলো মানুহ আহিছে খবৰ ল'বলৈ , মাকে সকলোকে চাহ, মিঠাই খুৱাইছে। নথৈ আনন্দৰ মাজেৰে দিনটো পাৰ হ'ল।


কিছুদিনৰ পাছত ঘটিল নহয় এটা অঘটন। ধুনু প্ৰেকট্ৰিছৰ পৰা ঘৰলৈ উভতি আহোতে গাড়ী এখনে খুন্দিয়াই থৈ গুছি গ'ল।সি চাইকেলখনেৰে সৈতে ওফৰি গৈ ওচৰতে থকা পথাৰ দ'ৰাত পৰিলগৈ।লগে লগে সেই ঠাই ডোখৰত বহুতো মানুহ গোট খাই গ'ল আৰু তাক হাস্পতাললৈ লৈ গৈছিল , কিন্তু আধা বাটতে তাৰ মৃত্যু হ'ল। তাৰ অকাল মৃত্যুক ঘৰখনৰ কোনেও মানি ল'ব নোৱাৰিলে।অৱশেষত, চুমনৰ মেট্ৰিক পৰীক্ষাৰ দিন চমু চাপিল। তাই পৰীক্ষা দিলে আৰু তাৰ ফলাফলো দিলে। চুমনে ৩ টা বিষয়ত লেটাৰসহ প্ৰথম স্থানত উত্তীৰ্ণ হৈছে।খবৰটো শুনি মাক-দেউতাকৰ মনটো অলপ ভাল লাগিল। চুমনে দেউতাকক ক'লে ----- দেউতা মই এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ সপোন দেখিছিলো,মোৰ দৰে দাদাৰো সপোন আছিল এজন আৰক্ষী বিষয়া হোৱা । কিন্তু সি তাৰ সপোন পূৰা কৰিব নোৱাৰিলে,ভগৱানে তাক লৈ গ'ল।
তাই আকৌ ক'লে দেউতা --- দাদাৰ সপোন মই পূৰণ কৰিম। এগৰাকী ভাল আৰক্ষী বিষয়া হ'ম।দেউতাকে ক'লে ---- মাজনী , তুমি দাদাৰ কাৰণে নিজৰ সপোন মোহাৰি পেলাবা নেকি? তাই দেউতাকক এষাৰ কথাকেই ক'লে --- দেউতা, ত্যাগৰ আন এটা নাম হৈছে সুখ। 




                                               
✴️সীমা দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)