তেওঁ যোৱা বাটেৰে- সুমধুৰ গগৈ

©Admin
0
ঔ ফুলিয়া হাঁহিটি এতিয়া আৰু নাই,মৰহিল
সৰি পৰা শৰৎৰ যেন শেৱালীহে!

কেনেকৈ হেৰাই যায় ইমানবোৰ আকুলতা!

গৈ থাকিল মাথোঁ...
নাই, এপলক ঘূৰি চাবলৈও সম‌য় নহ'ল তেওঁৰ!

বাটটোৰ দূৰত্বও তেনেই কম আছিল,
নাজানোঁ মোৰ দুচকুৱে কিয় তেওঁক মনিব পৰা নাছিল!
দুহাতেৰে দুচকু স্পৰ্শ কৰি চাইছিলোঁ
নাইতো, চকুলোও নাছিল!

নাজানো কিয়?
খুব মনত পৰিছে আজি
উচুপিবও পৰা নাই।

সকলোবোৰ আধৰুৱা!
দুখতো দুচকুৱে উচুপিব পাহৰে..
তুমি নাই যে!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)