চিতা- মিন্টু গোৱলা

©Admin
0
কʼলা ধোৱাই আৱৰিব চৌদিশ 
মৌনতাই বিৰাজমান হ'ব পৰিবেশ,
মাথোঁ ধোৱাৰে আৱৰিব মোৰ চৌদিশ।

আপোন ঘৰখনে জ্বলাব মৌনতাৰ চাকি 
হৃদয়ত সৰ্ব শোক লয় কুটুম জন দিব বুজনি,
জীৱনৰ শেষ সময়ত চিতাই আমাৰ আপোন।

নিজান দেশৰ অজান ঠাইত লʼম বাস কোনেও
নেদেখা কৈ,অচিন ধূলিৰ লগত মিলি যাম 
চিতাৰ কʼলা ধোৱাই উৰোৱাই লয় যাব আকাশলৈ,
বহু দূৰ বহু নিলগত আকাশৰ শুকুলা ডাৱৰত।

চিতাৰ জুইত ভস্মীভূত হ'ম এটি মাথোঁ জুইমুঠিত
পুত্ৰ ভাজ্যই সাক্ষী হ'ব চিতাৰ জুইত,
কʼলা ধোৱাই আৱৰি ল'ব মৌনতাৰ পৰিৱেশ 
কন্দোৱাব পুত্ৰ ভাজ্যৰ মনত,শেষ হ'ব জীৱন,চিতা হ'ব শেষ থিতাপি খন্তেকৰ বাবে ..........!

চিতাৰ কʼলা ভস্মীৰে হৃদয় খন কৰিব চাপ 
জীৱ শ্ৰেষ্ঠ মানৱৰ কি যে বিলয় এই মৰত, 
দুচলি খৰিৰে দেহ থয় যাব লাগিব অজান দেশত।


জুয়ে পুৰিব এই দেহক কʼলা ছাইৰে,
ভস্মীত হৈ মিলি যাব 
মাটিৰ মানুহ মাটিতেই।


দম্ভ অহংকাৰ যাব চিতাৰ জুইত 
ধন ৰ'ব পৰি, দেহ যাব অজান দেশলৈ 
পৰি ৰব শ্মশান,আত্মাই উৰিব অজান ঠাইলৈ
মায়াৰো নাথাকে কোনো চিন ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)