লাচিত বৰফুকন - ৰঞ্জু গায়ন

©Admin
0
লাচিত বৰফুকন আছিল অসমৰ এজন মহান দেশভক্ত বীৰ সেনানায়ক । তেওঁৰ দৰে অন্য এজন বীৰৰ উদাহৰণ অসমৰ ইতিহাসত পোৱা নাযায় । আহোম- মোগলৰ মাজত সংঘটিত হোৱা শৰাইঘাট যুদ্ধত তেওঁ যিধৰণৰ দক্ষতা , দায়বদ্ধতা আৰু কাৰ্য ক্ষমতাৰ পৰিচয় দিছিল । আজিও অসম বুৰঞ্জীত তেওঁৰ নাম সোণালী আখৰে জিলিকি আছে । তেওঁ দেশ ৰক্ষা কৰিবৰ বাৰে নিজ মোমায়েককো দুচেও কৈ কাটিছিল দেশতকৈ মোমাই ডাঙৰ নহয় বুলি । এই অসমবীৰ জনৰ জন্ম হৈছিল ১৬২২ খ্ৰী : ত গড়গাৱঁৰ ওচৰত । তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল কুন্তী মৰাণ ।

        ১৬৬৭ চনত আহোম - মোগলৰ মাজত যুদ্ধ আৰম্ভ হৈছিল ।শৰাইঘাটৰ যুদ্ধত লাচিতে নৰীয়া গাৰে ৰামসিংহৰ সৈন্যৰ লগত বীৰত্বৰে যুঁজি মোগল সৈন্যক পৰাস্ত কৰি অসমক মোগল সৈন্যৰ পৰা ৰক্ষা কৰিছিল । এই মহান বীৰজনৰ মৃত্যু হৈছিল ১৬৭২ চনত । ২৪ নৱেম্বৰ দিনটোত এই বীৰ সেনানায়ক জনক ৪০০ সংখ্যক জন্মজয়ন্তীৰে সমগ্ৰ অসমবাসীয়ে লাচিত দিৱস হিচাপে উদযাপন কৰে ।

✍️ৰঞ্জু গায়ন (বৰুৱা) , নামৰূপ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)