গোলাপ- মিন্টু গোৱলা

©Admin
0
কাক চাই ফুলিলি এই ফুলনিত
কাক চাই মাৰিলি তোৰ বেঁকা হাঁহিটি?
ৰঙা হয় ফুলিলি মোৰ ফুলনিত
বেকা হাঁহিটিৰে খুলি খাই মোৰ মন।
কিয় ফুলিলি মোৰ ফুলনিত?
তোৰ ৰঙা মুখনিত
মনতো বৰ ভাল লাগে।
সদায়েই চাওঁ মই তোৰ ৰঙা মুখনি
মোৰ মন যায় কেতিয়াবা চিঙিবলৈ
কিন্তু;
তোৰ কাইঁটে চিঙিব নিদিয়ে?
ভাবোঁ মই কেতিয়াবা চিঙিম‌ বুলি।
কিন্তু;
প্ৰতিবাৰে মোক কাইঁটে আৱৰি ধৰে
নোৱাৰোঁ চিঙিব তোক !!
তই ফুলি থাক মোৰ ফুলনিত
এপাহি গোলাপ হৈ
চাম তোলৈ,মই প্ৰতি দিনে।
মোৰ ফুলনিত ফুলি থাকিবি
উৰে জীৱনলৈ।।
চাম তোক মই উৰে জীৱন মোৰ চকুৰ আগত 
থাকিবি ফুলি মোৰ ফুলনিত।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)