আঁতৰাব অমানিশা বধিব ৰাৱণ..."
পোহৰ প্ৰয়াসী চেতনাই মানুহক সমৃদ্ধ কৰে । আগলৈ চোৱাৰ হেঁপাহতে , আগলৈ যোৱাৰ তাড়নাতে এন্ধাৰৰ বাট কাটি মানুহে পোহৰৰ প্ৰাৰ্থনা কৰে । এনে পোহৰৰ প্ৰাৰ্থনাৰে আমি উৎযাপন কৰিলো দীপাৱলী । সম্প্ৰতি বৈদ্যুতিক আলোকসজ্জাই গুৰুত্ব লাভ কৰিলেও পৱিত্ৰ চিত্তে জ্বলোৱা মাটি চাকিৰ গৰিমা কোনেও অস্বীকাৰ কৰিব নোৱাৰে । পোহৰৰ বিবিধ সৰঞ্জামেৰে চৌপাশ পোহৰাই তোলাৰ দৰে মনৰ পোহৰেৰে চমকি উঠিবলৈ আমিও খোজ পেলাব লাগিব আন্ধাৰ বিনাশী যাত্ৰাত । নতুন জ্যোতিৰে জয়াল নিশিৰ জড়তা ভেদি আগবাঢ়িব লাগিব পূৰ্ণ মাত্ৰাত । তেতিয়া জীৱনে স্বগতোক্তি কৰি ক'ব , "দূৰ-দিগন্তত থাপিত দৃষ্টি , খোজৰ গতিও আহিছে বাঢ়ি ।"
শেহতীয়াকৈ ৰাজ্যবাসীয়ে পুনৰ হেৰুৱালে দুজন মহীৰূহক । প্ৰসিদ্ধ অভিনেতা নিপন গোস্বামী আৰু যশস্বী চিত্ৰশিল্পী নীলপৱন বৰুৱাদেৱৰ পৰলোক প্ৰাপ্তিয়ে সকলোকে মৰ্মাহত কৰি গ'ল । অন্যহাতে এয়াই প্ৰমাণ হ'ল যে কৰ্মৰ জৰিয়তে ৰক্ষা কৰা স্থায়িত্বই মানুহক মহীয়ান কৰি তোলে ।
ৰাসোৎসৱ আৰু পালনামৰ অমিয়া ধ্বনিৰে হৃদয়ত আলোড়ন তুলি মাজুলীবাসী ব্যস্ত এতিয়া সোণগুটি চপোৱাত । অসমৰ বিভিন্ন স্থানত ৰাস মহোৎসৱ অনুষ্ঠিত হয় যদিও মাজুলীবাসীৰ বাবে প্ৰধান উৎসৱ হৈছে ৰাস । লক্ষ্মী পূৰ্ণিমাৰ দিনা নাট মেলা কাৰ্য আৰম্ভ কৰি শৰত কালৰ পূৰ্ণিমা তিথিত এই ৰাসলীলা প্ৰদৰ্শন কৰা হয় । ৰাসৰ দিনকেইটাত দ্বিতীয় বৃন্দাবনলৈ পৰিণত হোৱা আই মাজুলীয়ে মমতাৰ দলিচা পাৰি আদৰণি জনায় অতিথিক । পৰিশ্ৰমী আৰু সৰলমনা মাজুলীবাসীৰ আতিথ্যত কেনেবাকৈ যেন আমিও হৈ পৰিছিলো আৱেগিক ।
হিমাশ্ৰী বৰা
সম্পাদক
অঃসাঃচা দৈনিক ৱেব আলোচনী
ভাল লাগিল
ReplyDelete