ভাৰত ৰত্ন ড: ভূপেন হাজৰিকা-অনন্ত কুমাৰ ভূঞা

©Admin
0
বিশ্ব সন্তান তুমি 
খাটি অসমীয়া ড: ভূপেন হাজৰিকা ।

গীতিকাৰ সুৰকাৰ সঙ্গীত সম্ৰাট 
বিশ্ব খনিকৰ তুমি ড: ভূপেন হাজৰিকা !
তেজ হাজৰিকাৰ পিতৃ
প্ৰণয় প্ৰিয়া তোমাৰ প্ৰিয়ম্বদা পেটেল।

আকাশ সদৃশ বিশালতা
বৈ যোৱা নিজৰা যেন সৰল হৃদয়
মুক্ত বিহঙ্গম 
কণ্ঠ বিশাল তুমি খাটি অসমীয়া ।

হিমালয় সদৃশ উচ্চ মন
সাগৰ সদৃশ গভীৰ অনুভৱ
আজন্ম বিশ্ব প্ৰেমিক।

কৃষ্ণাঙ্গ শ্বেতাঙ্গ জনতাৰ
মানৱ দৰদী কণ্ঠেৰে
জগত সভা কঁ‌পাই তোলা 
বিশ্ব নাগৰিক  
জনতাৰ শিল্পী ড: ভূপেন হাজৰিকা।

লুইতখন আপোন তোমাৰ
তেনে দৰে আপোন 
ভলগা টেমচ্ নদী ।
সাত সাগৰ সাঁতুৰি পাৰ হৈ
সৃষ্টি কৰিছিলা এখন চিনাকি জগত ।

মিচিচিপি আৰু গংঙ্গা নদী
বুকুৰ আপোন তোমাৰ 
পল ৰবচনৰ গীতৰ সুৰেৰে
হাজাৰ জনতাৰ পুলক জগাই
দৰিদ্ৰ জনতাৰ আপোন মানুহ হ'লা
বিশ্ব গায়ক তুমি ড: ভূপেন হাজৰিকা ।

সমন্বয়ৰ সেঁতু গঢ়োতা 
ঐক্য মৈত্ৰীৰ স্বপ্ন ৰচোতা
স্বদেশৰ শব্দ 
"জিলিকাব লুইতৰে পাৰ"
তুমি আপোন ড: ভূপেন হাজৰিকা ।

অৰুণ কিৰণ অৰুণাচল
পাহাৰ ভৈয়াম অতিকে আপোন
শ্বিলঙত এৰি গ'লা লিংডো তোমাৰ।

টালিগঞ্জ আৰু 
স্বপ্ন নগৰী মোম্বাইলৈ
সপোনৰ বাটেদি জীৱন বিচাৰি গ'লা ,
জীৱনৰ বহু ঘাট প্ৰতি ঘাট লগত লৈ 
সাৱটি যাযাবৰী জীৱন তোমাৰ ।

জুপুৰি ঘৰ চিনাকি তোমাৰ
কেঁ‌চা মাটিৰ গোন্ধ নিচেই আপোন  
তুমি সাহিত্যিক ড: ভূপেন হাজৰিকা।

কচু ঢেঁকীয়া বেঙেনা পিটিকা
তৃপ্তিৰে খাই ভাল পোৱা 
তুমি তজবজীয়া ডেকা 
অসমীয়া জাতিৰ হিয়াৰ আমঠু ।

জ্যোতি চিত্ৰবন অৱদান তোমাৰ ,
নাওবৈচা বিধান সভা সমষ্টিৰ পৰা
ৰাজদৰবাৰত প্ৰতিনিধ্বিত্ব কৰা 
দক্ষ ৰাজনীতিজ্ঞ তুমি 
বিধায়ক ড: ভূপেন হাজৰিকা ।

অসমৰ জনতাই যাচিছোঁ‌ প্ৰণাম
তোমাৰ প্ৰেৰণাই জনতাৰ প্ৰাণ,
জাতিৰ সাংস্কৃতিক মান ।
অসমী আইৰ সন্তান 
ভাৰতৰত্ন তুমি ড: ভূপেন হাজৰিকা।


            ✍️অনন্ত কুমাৰ ভূঞা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)