মায়া- মোহেৰে ভৰা
আকাশখনৰ পৰা
খহি পৰিছিল এটি উজ্বল তৰা;
সংগীতৰ পূজাৰী
তেওঁৱেই হ'ল আমাৰ আপোন ভূপেনদা ।
তেওঁৱেই আছিল ফাগুনৰ তেজৰঙী ফুল ,
মনটোক উন্মাদনা কৰা মলয়াজাক বলোতেই
খহি পৰিল এহেজাৰ ফুল
তথাপি তাৰ সুবাসে
আমোল মোলাই ধুনীয়া ধৰা।
নদীৰ সোঁতৰ দৰে বৈ গৈছিল নিৰৱধি
তেওঁৰেই কলমৰ ক'লা- নিলা ধাৱাত
বহীৰ উকা পাতবোৰ হ'ল সোণালী।
তেওঁৰ কবিতা আৰু গীতবোৰ হ'ল
আমাৰ বাবে আজি সেউজীয়া স্মৃতি ।
খহি পৰা উজ্বল তৰাটি
সাহিত্য-সংগীত প্ৰেমী
জ্ঞানৰ পূজাৰী মহৎ ব্যক্তি,
কাহানিও আমাৰ মাজলৈ
অমানিশাৰ ৰাতি নাহে দুনাই
এই আন্ধাৰ জগতখনক পোহৰ বিলাবলৈ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ