আশা ভৰা সপোনক ভাঙি দিলা কিয় ?
গধুৰ বোজা শিৰত লৈ টোপনি যাওঁ কেনেকৈ
দায়িত্ব পালনেই যে জীৱনৰ গাথা
তাকেই আপোনাৰ জ্ঞাত
আয়বহির্ভূত কৰিম কেনেকৈ ?
ৰিমজিম বৰষুণত
তিতি থকা সমস্ত দেহাংশ
হাতত ছাতি, কান্ধত টুকুৰী
বেলি মাৰ যোৱাৰ অপেক্ষাত
দুখ ভৰা অন্তৰখন পূৰ্ণ কৰাৰ বাসনা
বিষাদে আৱৰা জীৱনৰ গাথা
আন্ধাৰৰে আৱৰা ঘৰখনিত দ্বীপ জ্বলাৰ আশা
কি বান্ধোনৰ মেৰাপাকত আৱদ্ধ হ'লো
জীৱনৰ শেষ মুহূর্ত লৈকে দায়বদ্ধতা
নিৰন্তৰে পালন কৰি গ'লো।
সুখৰ অবিহনে দুখতেই
সমস্ত জীৱন অতিবাহিত কৰিলো।
লোকে মোৰ স্বভাৱ দেখে
লোকে মোৰ অভাৱ নেদেখে
লোকে মোৰ শৰীৰৰ বৰন দেখে
লোকে মোৰ যন্ত্রণা নেদেখে।
নিৰন্তৰে কৰ্ম কৰি গ'লো
পোৱা-নোপোৱাৰ বহুতো আশা
মাত্র টুকুৰী ভৰোৱাতেই ব্যস্ত হ'লো।
প্ৰখৰ ৰ'দে দেহাক কৰিছে শিল
অন্তৰখন যে যুঁজাৰু জীৱন গঢ়াৰ
কোমল হাতযোৰৰ ফাট মেলা
সিৰাবোৰে তাকেই দৰ্শায়।
তথাপিও এক সপোন দেখো
মোৰ অসমক সোণৰ অসম
জাকত জিলিকা কৰি ৰখাৰ ,
মোৰ তেজৰ ঘামত
পৃথিৱী জীয়াই থকালৈকে
সেউজীয়া কৰি ৰাখিম
অসমী আইৰ সুনাম ।
✍️কিৰন ওৰাং
পাভৈ চাহ বাগিছা বিশ্বনাথ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ