আহ্বান -‌ দীপিকা দাস

©Admin
0
ছলনাৰ ফাল লাগি আজি
মোৰ হৃদয়ৰ শিপা ছিগো ছিগো
 মৰম- সততাৰে সাৰুৱা হৃদয় খনি 
ঊষৰ ভূমিত চটফটাই আৰ্তনাদ কৰিছে 
ক'ত পাম বাৰু এই মহঙা দিনত
জীপাল হৃদয়ৰ মধুৰ আহ্বান ?
মানুহৰ মাজত বিশ্বাসৰ অপমৃত্যু দেখি
 সজ্ঞানে কৰা অন্যায় দেখি
মন মোৰ খণ্ড- বিখণ্ড 
চূৰমাৰ,ধৰাশায়ী
তথাপি অন্যায়ৰ বিৰুদ্ধে উছৰ্গিত
 মোৰ এই ক্ষুদ্ৰ জীৱনে
চিঞৰত গগন ফালিছে
আৰ্তনাদ কৰিছে মোৰ সংগ্ৰামী সত্বাই
সত্যৰ সন্ধানমুখী মোৰ আত্মা
পৰাজিত নহয় কেতিয়াও
অমৃত লগন আনিবলৈ
আপোচ বিহীন সত্বা মোৰ
পৰিচয় কৰাই দিব বিচাৰিছোঁ
সেই সকলক
পৰিচয়হীনতাই যিসকলক ঘাতকৰ ৰূপ দিছে
 জীৱন নাট ঘৰৰ যৱনিকাৰ
সংকেত এদিন আটাইৰে আহিব
যাব লাগিব একে বাটেৰে
একে ৰূপতে
 মহাসাগৰৰ সপোন বান্ধি
প্ৰতিখনি হৃদয় হাঁহিৰে ভৰোৱা
 কৃষ্ণৰ পৰা অগ্ৰসৰ হোৱা চেতনা লৈ ।

 ✍️দীপিকা দাস
গোলকগঞ্জ , ধুবুৰী ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)