আজিৰ আধুনিকতাৰ যুগতো আমাৰ মনত এটি প্ৰশ্ন উত্থাপিত হয় যে আজিৰ দিনতো মহিলাই মুক্তভাৱে বিচৰণ কৰিব পাৰিছে নে? নে আগৰদৰেই পুৰুষকেন্দ্ৰিক সমাজ এখনত বৰ্তি আছে ? এইটো সঁচা কথা, আধুনিকতাৰ অগ্ৰসৰত নাৰীসকল অতীজতকৈ বহু পৰিমাণে উন্নতিৰ দিশত ধাৱমান হ'ল । আগতকৈ বৰ্তমানে বহু ক্ষেত্ৰতে উন্নতিৰ শিখৰত আগুৱাব পাৰিলে । কিন্তু তথাপিও যেন কোনোবাখিনিত আসোঁৱাহ ৰৈ গৈছে।
ঘৰ এখনত কেঁচুৱা এটি জন্ম হোৱাৰ পাছত সকলোৰে এটাই প্ৰশ্ন 'কেঁচুৱাটি ল'ৰা নে ছোৱালী?'
যদি প্ৰথমবাৰৰ দৰে দ্বিতীয়বাৰো কন্যা সন্তান জন্ম হয়, তেন্তে মুখত পৰিস্ফূত হৈ উঠে নিৰাশাৰ ছাঁ আৰু কৈ উঠে -- 'উহ্ ! এইবাৰো ছোৱালীয়ে হ'ল ।'
মাতৃগৰাকীৰ মনত যিমানেই আনন্দ নালাগক কিয় , এচামে মাতৃগৰাকীক সান্ত্বনা দিবলৈ যাব আৰু ক'ব -- 'দুখ নকৰিবি দে ! যাৰ ভাগ্যত যি আছে আৰু !'
কেঁচুৱা এটি জন্ম হৈছেহে,সেয়া ল'ৰা বা ছোৱালীয়ে হওঁক, বাস্তৱৰ পৃথিৱীখনৰ সৈতে কিঞ্চিৎ চিনাকিও হ'ব পৰা নাই; অথচ আমি জন্ম হোৱাৰ পাছতেই লিংগ ভেদে বিচাৰ কৰিব যাওঁ আৰু কন্যা সন্তান জন্ম হ'লে হতাশা বা নিৰাশাজনক ভাৱ মনত পুহি লওঁ । হয়, এইখনেই বৰ্তমান যুগৰ উন্নয়নশীল সমাজ।
আমি যিমানেই চিঞৰি নাথাকোঁ কিয় , মহিলাৰো পুৰুষৰ সমানে অধিকাৰ, স্বাধীনতা আছে। কিন্তু বাস্তব জীৱনত এয়া জানো সম্পূৰ্ণৰূপে প্ৰতিফলিত হৈছে। নহ'লেনো আজিৰ দিনটো মহিলাসকল , জীৱনৰ আও-ভাও নুবুজা সৰু সৰু ছোৱালীবোৰো ধৰ্ষণ হয়নে ? কিয় আজিৰ যুগতো মহিলাসকল অকলশৰে ক'ৰবালৈ ওলাই যাবলৈ ভয় কৰে বা অকলশৰে গ'লেও মনত অনবৰতে ভয় ভাৱ এটাই খুন্দিয়াই থাকে ? এয়াই জানো নাৰীসকল যে পৰাধীন , মুক্ত মনে ঘৰৰ বাহিৰলৈ ওলাই যাব নোৱাৰে; তাৰ স্বৰূপ দাঙি নধৰে? তাৰ পাছতো কোন স্বতে সম্পূৰ্ণৰূপে দাথি ক'ব পাৰোঁ যে নাৰীসকল স্বাধীন , নিজৰ শক্তি অনুযায়ী সকলো ইচ্ছা পূৰ্ণ কৰিব পাৰে ?
বৰ্তমান সময়ত অতীজৰ দৰে শিক্ষা দীক্ষা লোৱাৰ ক্ষেত্ৰত মহিলাসকল পিছপৰি থাকিব নালাগে, পুৰুষে যিদৰে শিক্ষিত হৈ আগবাঢ়ি যাব পাৰিছে নাৰীসকলেও সেইদৰেই শিক্ষিত হৈ আগুৱাই যাব পাৰিছে। এইটো আমাৰ সকলোৰে বাবে এক শুভ লক্ষণ । কিন্তু শিক্ষিত হৈয়ো মহিলাসকলক এতিয়াও পুৰুষতকৈ দুৰ্বল বুলিয়ে ভৱা হয় আজিৰ সমাজত । পুৰুষৰ সমানে কষ্ট কৰিব এগৰাকী নাৰীয়ে , অথচ তেওঁক পুৰুষজনতকৈ কম হাৰত বেতন দিয়া হয়। এইবোৰেই জানো পুৰুষ আৰু নাৰীৰ মাজত ভেদ ভাৱ অনা নাই ? মহিলায়ো বহুত চাঞ্চল্যকৰ কাম কৰি বিশ্ব অভিলেখ ভংগ কৰিছে, কিন্তু তথাপিও যেন কোনোবাখিনিত নাৰীৰ প্ৰতি সকলোৰে মনত দুৰ্বলতা ভাৱ লুকাই ৰৈছে।
এজন পুৰুষে দিনে-ৰাতিয়ে শ্ৰম কৰি ঘৰখন পোহপাল দিয়ে। সেইবুলিয়েই জানো অকলে পুৰুষজনেই ঘৰখন ধৰি ৰাখিব পাৰে? নোৱাৰে ন ! পুৱাৰে পৰা ৰাতিলৈকে ঘৰখনৰ প্ৰতিটো কাম, প্ৰতিটো দায়িত্ব এগৰাকী মহিলায়ে তো নিয়াৰিকৈ কৰি নিব লাগে । পুৰুষজনৰ সেই শাৰিৰীক শ্ৰমৰ বিপৰীতে মহিলাগৰাকীৰ এইবোৰ কামৰ হিচাপ জানো কোনোবাদিনা কৰিছোঁ আমি? এখন সুস্থ ঘৰ গঢ়াত মহিলাগৰাকীয়ে মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগে। কিন্তু তাৰ পিছতো কোনোবাই যদি মহিলাগৰাকীক লৈ প্ৰশ্ন কৰে -- 'তেওঁ কি কৰে?'
তেন্তে উত্তৰ দিয়া হয় -- 'নাই , একো নকৰে । কি কৰিবনো ! কাম-বন নাই,ঘৰতে থাকে আৰু।'
হয় , শুনিবলৈ বেয়া লাগে যদিও নাৰী এগৰাকীৰ প্ৰতি এয়াই আমাৰ ধ্যান-ধাৰণা ।
মই এইটো বুজাব বিচৰা নাই যে মহিলাসকল কেৱল ঘৰৰ ভিতৰতে আৱদ্ধ হৈ কেৱল ঘৰখনৰ দায়িত্ব লোৱাটোৱাই যথেষ্ট। নহয় । ঔঘৰখনৰ দায়িত্বৰ বাহিৰেও নাৰীগৰাকীয়ে নিজাভাৱে স্বাবলম্বী হোৱাটোও বৰ্তমান সময়ত অতিকৈ প্ৰয়োজন। বৰ্তমান সময়ত কোনো নাৰীয়ে এনেই বহি থকা নাই। সকলোৱে কিবা নহয় কিবা কামত নিজৰ যোগ্যতা অনুযায়ী নিজক প্ৰতিষ্ঠিত কৰিছে।
কিন্তু প্ৰশ্ন হয় এইখিনিতেই যে ঘৰৰ সমস্ত দায়িত্ব এগৰাকী নাৰীয়ে সু-পৰিকল্পিতভাৱে পালন কৰি অহাৰ পাছতো তেওঁ কিয় একো কাম-বন নাই বুলি অৱহেলিত হ'ব লগা হয় ?
আচলতে নাৰীসকলকো যদি পুৰুষৰ সম চকুৰে চোৱা হয়, সম্পূৰ্ণৰূপে স্বাধীনতা লভিব পাৰে , নিৰ্ভয়ে বাহিৰলৈ অকলশৰে ওলাই যাব পাৰে; তেন্তে দেশ এখন প্ৰগতিৰ পথত ক্ষীপ্ৰতাৰে আগবাঢ়ি যোৱাটো নিশ্চিত। তদুপৰি মাতৃ এগৰাকীয়ে হৈছে এজন সন্তানৰ প্ৰথমগৰাকী শিক্ষাগুৰু । ঘৰখনৰ পৰা বিশেষকৈ মাতৃ গৰাকীৰ পৰা সন্তানে নিজৰ আচাৰ-ব্যৱহাৰ , ধৈৰ্য্য ,সংযম আদি গুণবোৰ আয়ত্ত কৰিব পাৰে। সন্তানক উপযুক্তভাৱে গঢ় দিয়াৰ প্ৰথম দায়িত্ব এগৰাকী মাতৃৰ । তেন্তে আমি প্ৰতিগৰাকী নাৰীক সন্মানৰ চকুৰে চাবলৈ নিশিকো কিয় ? কিয় তেওঁলোকক সম্পূৰ্ণৰূপে স্বাধীনতা দি সাহসীভাৱে নিৰ্ভয়ে বাহিৰলৈ অকলশৰে ওলাই যাব দিয়াৰ সামৰ্থকণ দিব নোখোজোঁ ?
মহিলাসকলে সেইবুলিয়েই জানো একো নকৰি হাত সাৱটি বহি থাকিলে হ'ব ! নিজৰ নিৰ্ভয়তাখিনি নিজেই আনি ল'ব জানিব লাগিব । নিজৰ মান-সন্মান আৰু আত্মমৰ্যাদাৰে সৈতে জীয়াই থাকি নিজৰ অধিকাৰসমূহ সাব্যস্ত কৰিবলৈ নিজে নিজেক সজাগ আৰু সক্ৰিয় কৰি তুলিব পাৰিব লাগিব। তেহে এখন সমাজ তথা দেশ বৰ্তমানতকৈও অধিক বেগেৰে উন্নতিৰ দিশত ধাৱমান হ'ব পাৰিব ।
✍️কল্পনা বৰা
দ্বাদশ শ্ৰেণী , গোলাঘাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ