নীলা চৰাই - মিন্টু গোৱলা

©Admin
0
আজি বৰকৈ মনত 
পৰিছে অʼ নীলা চৰাই
তোমাৰ সেই কাজল সনা
চকুযুৰি লৈ .....!

মনত পৰিছে 
তোমাৰ সেই অভিমানী
কথাবোৰ......
কেতিয়াবা খং উঠা মুখখনি চাবলৈ
বৰ ভাল লাগে অʼ
নীলা চৰাই 

সেইবাবে মই বাৰে বাৰে
তোমাক খং উঠাই 
থাকিবলৈ মন যায়,
অʼ নীলা চৰাই 
ঐ নীলা চৰাই তুমি আজি 
কাষত নাই যে.....
মোৰ একে বাৰেই 
ভাল নালাগে অʼ নীলা চৰাই 

তোমালৈ বৰকৈ মনত পৰে
 অʼ নীলা চৰাই
সেই যে তুমি আৰু মই লগ কৰা
 আবেলিৰ সময় কণ
মনত আছে নে ?

আমি যে দুয়ো নৈ পাৰত 
বহি সময় পাৰ কৰিছিলোঁ
তোমাৰ মনত আছে নে ?
মোৰ কিন্তু মনত আছে আজিও 
সেই কথাবোৰে...
 মোক গাওঁ লৈ ৰিঙিয়াই মাতে 
অʼ নীলা চৰাই

তুমি কেনে আছাঁ বাৰু ?

মই আছোঁ তোমাৰ কথাবোৰ
ভাবি ভাবি অʼ নীলা চৰাই
কেতিয়াবা নিজানত বহি 
তোমাৰ কথাকে ভাবি থাকোঁ।

ঐ নীলা চৰাই তোমালৈ মনত 
পৰা বাবেই এটি অনুভৱ লিখিলোঁ।

নাজানো তুমি কেনে আছাঁ ?

✍️মিন্টু গোৱলা,
লখিমপুৰ, কদম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)