কৃপণৰ ফেৰ -সুপ্ৰীয়া পাল

©Admin
0
দাস- বৰুৱা আপোনাক ছোৱালী পলুৱাই অনাত সহায় কৰিলো নহয় ,এইবাৰ ভোজ ডাঙৰকৈ দিব লাগিব কিন্তু। টকা - পইচা নাই এইবোৰ ক'লে নহʼব। নহʼলে যেনেকে আনি দিছোঁ তেনেকৈ ওভোটাই দি আহিম। বওঁ আপুনি সাক্ষী কিন্তু।

বৰুৱা - হʼব হʼব , এইবাৰ ডাঙৰকে আয়োজন এটা কৰিম আৰু গোটেই গাঁৱতে চিঠি দি মাতিম। চাই থাকিবি তহঁতে।

দাস-  ঠিক আছে আমি যাওঁ তেন্তে।( বাটত ) এইবাৰহে কৃপণ ফাদত পৰিল নে কি কোৱা শইকীয়া ।

বৰুৱানী- কি হʼল এত মানুহ মাতি এতিয়া আপুনি ২,৩ কেজি মাছ- মাংস লৈ ঘৰ আহিল যে। এয়া আমাৰ ঘৰৰ মানুহৰে নাটিব দেখোন।

বৰুৱা - একো নহয় তুমি বজাৰ খিনি ভিতৰত নিয়া আৰু বহি খেলখন চাই থাকা।

( ৰাতি ভাত খোৱাৰ সময়ত) ইমানকৈ সাজি বহিলো কোনো এটা পোক নাই মোক চাব।

বৰুৱা - তুমি হয়তো মই বিলোৱা চিঠিখন নেদেখিলা।

বৰুৱানী - চিঠি ! ৰʼবচোন, চাওঁ।

( খামৰ ওপৰতে লিখা  বিয়া ঘৰত এণ্ট্ৰি  ফি গাইপতি ৫০০ টকা, সপৰিয়ালে আহিব )


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)