আজি পথাৰখনে ৰিঙিয়াই মাতিছে -অলকেশ খাটনিয়াৰ

0
নিজকে অকলশৰীয়া যেন লাগিছে ,
মনটোৱে যেন 
ডাঙৰ বোজা কঢ়িয়াই আছে।
বৰ কষ্ট হৈছে, 
বুকুখন ফাটি যাওঁ, 
ফাটি যাও যেন লাগিছে,
 অথচ মই হাঁহি আছো।

চাকৰিৰ পিছত দৌৰি, 
বহু সময় অথলে গ'ল।
কি পালোঁ?
পালোঁ নিৰাশা,হতাশা।

সেয়ে আজি 
মুকলি পথাৰখন লৈ আহিলো
কিন্তু এয়া কি?
পথাৰখনে মোক ৰিঙিয়াই মাতি আছে।
কিন্তু কিয়?

এনেকুৱা লাগিছে যে,
পথাৰখনে মোক কিবা কৈ আছে।
কিয় হৈছে মোৰ লগত এনেকুৱা?
নে এয়া ভ্ৰম?

নাই এয়া ভ্ৰম নহয়,
পথাৰখনে ৰিঙিয়াই মাতিছে মোক,
আৰু কৈছে মোৰ উৰ্বৰতাখিনি শেষ হ'বলৈ নিদিবা,
মোৰ বুকুত সোণ উৎপন্ন কৰা।

কিমান ভেজাল দ্ৰব্য খাবা আৰু?
মোৰ বুকুত খেতি-বাতি কৰা।
মোক ঘোঁচ দিব নালাগে,
নালাগে দিব 
কোনো জাতিগত প্ৰমাণপত্ৰ।

মাথোঁ মোৰ বুকুখন শস্য শ্যামলা কৰা,
এ‌য়াই হ'ব মোক দিয়া ঘোঁচ।
মই বিচাৰোঁ 
কোনোৱেই ভোকাতুৰ নহওঁক,
সেয়ে তোমাক মই ৰিঙিয়াই মাতিছো।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)